ETV Bharat / state

Assam border violence: অসমৰ মুখ্যমন্ত্ৰীক বনদস্যুৰ পক্ষ লোৱা বুলি সমালোচনা লুৰিণজ্যোতিৰ - Lurinjyoti criticizes Assam CM

বনদস্যুৰ পক্ষ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৷ নেডাৰ মুখ্য ভূমিকাত থকাৰ স্বাৰ্থতে অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয় চৰকাৰৰ ওচৰত আঁঠু লৈছে ৷ আজি টীয়কৰ লাচিত মৈডামত উপস্থিত হৈ এনেদৰে মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে (Assam border violence) ৷

AJP President Lurinjyoti Gogoi react on Assam border violence
বনদস্যুৰ পক্ষ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে:লুৰিণজ্যোতি গগৈ
author img

By

Published : Nov 24, 2022, 2:01 PM IST

টিয়ক, 24 নৱেম্বৰ: মেঘালয় আৰু অসমৰ মাজত হোৱা সংঘৰ্ষক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi)। টীয়কৰ লাচিত মৈডামত আজি নেতাগৰাকী উপস্থিত থাকি কয়,"অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল সীমা সমস্যা সমাধান হ’ল ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীক কাষত ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল 70 শতাংশ সীমা সমস্যা সমাধান হৈছে ৷ কিন্তু অসমৰ ৰাইজে জানে যে 18.56 কিলোমিটাৰ মাটি মেঘালয়ক অসম চৰকাৰে দি আত্মসমৰ্পন কৰি সীমা সমস্যাটো নিস্পত্তি কৰিব খুজিছিল ৷ কিন্তু তথাপিও সীমা সমস্যাটো আজিলৈকে সমাধান হোৱা নাই ৷"

তেওঁ লগতে কয় যে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ ভাবমূৰ্তি শক্তিশালী কৰিবলৈ আৰু নেডাৰ দায়িত্ব সৰ্বকালৰ বাবে লৈ থাাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কূটকৌশল আৰু ষড়যন্ত্ৰ কৰি ৰাইজক আভুৱা বাঢ়িছে ৷ কিন্তু সীমা সমস্যা যে সমাধান হোৱা নাই এই কথা মেঘালয় আৰু অসমৰ মাজত হোৱা সংঘৰ্ষই প্ৰমাণ কৰিলে ৷ প্ৰথম মিজোৰামত হ’ল এইবাৰ আকৌ মেঘালয়ত হ’ল ৷ মেঘালয়ত সীমা সমস্যাই এক ভয়ংকৰ ৰূপ লৈছে ৷ এই পৰিপ্ৰেক্ষিত যি সময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ লগত থাকিব লাগিছিল অথবা সমগ্ৰ বিষয়টোক লৈ মেঘালয়ৰ চৰকাৰৰ লগত কথা-বতৰা পাতি সমস্যাটো সমাধান কৰিব লাগিছল, সেইধৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাষত ঠিয় দিয়া নাই (Lurinjyoti Gogoi criticizes Assam CM)৷"

বনদস্যুৰ পক্ষ লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে:লুৰিণজ্যোতি গগৈ

অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই নিজ স্বাৰ্থ পূৰণ কৰাৰ নিমিত্তে মেঘালয় চৰকাৰৰ ওচৰত আঁঠু লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অজাপৰ সভাপতিগৰাকীয়ে । যি সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই মেঘালয়ৰ জনতাৰ পক্ষত থাকি সম্পূৰ্ণ বিষয়টোক সু-মীমাংসাৰ চিন্তা কৰিছে, সেই একেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণ পৌৰ নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনৰ হৈ দিল্লীত নিজৰ গৌৰৱ জাহিৰ কৰাত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে ।

তেওঁ লগতে কয় যে, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীজনে মেঘালয়ৰ বনদস্যুৰ লগত থাকি তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে অসমৰ বন বিভাগৰ কেইবাজনো বিষয়াক নিলম্বন তথা বদলি কৰাৰ বিষয়টোক তীব্ৰ ভাষাৰে গৰিহণা দিছো । লগতে অসম-মেঘালয়ৰ সীমাৰ ক্ষেত্ৰত হোৱা সমস্যা তথা অনিশ্চয়তাৰ ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে । টীয়কৰ লাচিত মৈডামত আজি নেতাগৰাকী উপস্থিত হৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Assam border violence) ।

লগতে পঢ়ক: Violence on Assam border: অসম মেঘালয় সীমান্তৰ শেহতীয়া ঘটনা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.