যোৰহাট,4 মে'ঃলক্ ডাউনৰ সময়ত যোৰহাটৰ কেইজনমান যুৱকে মিলি নিজৰ গাঁৱতে সাজি লৈছে এটা চাংঘৰ ৷ যোৰহাটৰ বাঘমৰা পটীয়া গাঁৱত পল্লৱ, ৰক্তিম, বিতোপন,চিম্পু, অমন আৰু ৰাকেশে মিলি সাজি লৈছে এটা বিশেষ চাংঘৰ ৷ চাংঘৰটোৰ এফালে যদি চৰাইৰ মৌ সনা মাত, আনফালে সুগন্ধি ভৰা ফুল ৷ চাংঘৰটোৰ চাৰিওফালে গঢ় লৈ উঠিছে এক সুন্দৰ পৰিৱেশ ৷
যুৱককেইজনে চাংঘৰটোত গঢ়ি লৈছে কলা চৰ্চাৰ পৰিৱেশ ৷ লক্ ডাউনৰ সময়ছোৱাত তেওঁলোকে চাংঘৰত বহি কৰিছে সংগীত চৰ্চা ৷ যুৱক কেইজনৰ ব্যক্তিক্ৰম তথা ইতিবাচক সপোনৰ ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়াইছে পৰিয়ালবৰ্গই ৷