ETV Bharat / state

যোৰহাটত অনুষ্টুপীয়াকৈ পালন সাত বিহু - অসমীয়া জাতিৰ

আজি ৭ ব’হাগ,অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ ৰঙালী বিহুৰ সামৰণি। গছৰ তলত আজি বিহু মাৰি সামৰণি মাৰে অসমীয়া সমাজে। কিন্তু আজি সৰ্বত্ৰে গছতলৰ নিৰ্জন বিহুতলীবোৰ নিৰৱতাৰ সাগৰত যেন ডুব গৈছে ৷

lock-down-impect-on-assamese-bihu-fastival
যোৰহাটত অনুষ্টুপীয়াকৈ পালন সাত বিহু
author img

By

Published : Apr 20, 2020, 8:28 PM IST

যোৰহাট, 20 এপ্ৰিল : অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগ বিহু ৷ আকাশত মেঘৰ মাদলৰ শব্দই প্ৰকৃতিলৈ নমাই আনে আশাৰ বতৰা ৷ কুলি-কেতেকিৰ মাতেৰে আমন্ত্ৰণ জনোৱা অসমীয়াৰ হেঁপাহৰ বহাগ এইবাৰ উকা হৈ ৰ‘ল ৷ মাৰাত্মক কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে দেশজুৰি চলি থকা লক ডাউনৰ বাবে এইবাৰ অসমীয়াই অন্যবাৰৰ দৰে উলহ-মালহেৰে বিহু উদযাপন কৰাৰ পৰিৱৰ্তে অনুষ্টুপীয়াকৈ পালন কৰিলে বিহুৰ পৰম্পৰা ৷

যোৰহাটত অনুষ্টুপীয়াকৈ পালন সাত বিহু

আজি ৭ ব’হাগ,অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ ৰঙালী বিহুৰ সামৰণি । গছৰ তলত আজি বিহু মাৰি সামৰণি মাৰে অসমীয়া সমাজে। কিন্তু আজি সৰ্বত্ৰে গছতলৰ নিৰ্জন বিহুতলীবোৰ নিৰৱতাৰ সাগৰত যেন ডুব গৈছে ৷

ৰাজ্৷ৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটতো ৰাইজে কেৱল পৰম্পৰা ৰক্ষা কৰি অনুষ্টুপীয়াকৈ পালন কৰিলে বিহু ৷ সদৌ অসম সাতবিহু উদ্‌যাপন সমিতিয়ে স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰত "জাতীয় ঐক্যত আৰু এখোজ" শ্ল’গানেৰে ঐক্য আৰু সমন্বয়ক অধিক সুদৃঢ় কৰাৰ স্বাৰ্থত আজিৰ দিনটোতে সাতবিহু উদ্‌যাপন কৰি আহিছে ৷ কিন্তু বৰ্তমান সময়ত কৰ’ণা মহামাৰীৰ বিভীষিকাময় পৰিৱেশৰ পৰিপেক্ষিতত চৰকাৰ আৰু প্ৰশাসনৰ নীতি নিয়ম মানি সমিতিৰ পাঁচজন সদস্যৰ উপস্থিতিত পতাকা উত্তোলনেৰে এই বৰ্ষৰ সাতবিহুৰ কাৰ্যসূচীৰ সামৰণি পেলোৱা হয় ৷

লগতে পঢ়ক :মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন গাহৰিৰ আক্ৰমণঃ এজন আহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.