যোৰহাট,20 জুলাইঃ কৰ'ণাৰ ত্ৰাস আৰু লক ডাউনে জুৰুলা কৰিছে ব্যাপক প্ৰভাৱ পেলাইছে সাধাৰণ মানুহৰ জীৱন যাত্ৰাত ৷ বিগত মাৰ্চ মাহৰ পৰা কৰ'ণাৰ সংক্ৰমণ ৰোধৰ বাবে পৰ্যায়ক্ৰমে ৰাজ্যত চলি আছে লক ডাউন ৷ কিন্তু তথাপিও ৰাজ্যত বৃদ্ধি হৈয়ে আছে ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ ৷ ইতিমধ্যে ৰাজ্যত প্ৰায় 24 হাজাৰ লোক কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৷ ৰাজ্যৰ আন আন জিলা সমূহতকৈ যোৰহাটত দৈনিক বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা ।
ইতিমধ্যে যোৰহাটত মৃত্যু হৈছে কেইবাজনো লোকৰ ফলত যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰিছে অনিৰ্দিষ্টকালীন লক ডাউন । অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো বন্ধ যোৰহাট জিলাত ৷ কিন্তু এই বন্ধৰ সময়ত বন্ধ নামানি ওলাই আহিল একাংশ লোক ৷
"কৰ'ণাত মৃত্যু হোৱাতকৈ নাখাই মৰিব লাগিব" বুলি ব্যক্ত কৰিছে লক ডাউন অৱজ্ঞা কৰি ঘৰৰ পৰা ওলাই অহা সাধাৰণ ৰাইজে ৷ যোৰহাটৰ নিৰ্মল চাৰি আলিত পুৱাৰে পৰা বহি আছে লক ডাউনে জুৰুলা কৰা এইসকল দৰিদ্ৰ ব্যক্তিয়ে ৷ কাৰণ দৈনিক হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এই সকল লোকৰ এতিয়া পানীত হাঁহ নচৰা দৰে অৱস্থা ।