টীয়ক, 8 মে': টীয়কৰ বনাইত বৃহস্পতিবাৰে নিশা নলবাৰী, জালুকবাৰী আদি স্থানৰ পৰা শ্ৰমিক কঢ়িয়াই অনা এখন ট্ৰেভেলাৰ, ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে ৷ বনাইৰ দেৱজিৎ তামুলী নামৰ এজন লোকৰ ঘৰত জলসিঞ্চন বিভাগৰ দ্বাৰা সংস্থাপন কৰা, গভীৰ নলী নাদ আঁচনিৰ কামৰ বাবে আহিছিল শ্ৰমিককেইজন ৷
এখন ট্ৰেভেলাৰত 5 জন শ্ৰমিক অনাৰ খবৰ পাই আতংকিত হৈ পৰা গাঁওবাসীয়ে, ট্ৰেভেলাৰসহ শ্ৰমিকক আটক কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইতিমধ্যে টীয়ক আৰক্ষীয়ে আটাইকেইজন লোকক গাড়ীসহ থানালৈ আনি সোধ পোচ অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে, যোৰহাটৰ ভড়ালী উপাধিৰ এগৰাকী ঠিকাদাৰে এই শ্ৰমিক কেইজনক উক্ত কামৰ বাবে টীয়কৰ বনাইলৈ আনিছিল ৷ উল্লেখ্য যে, এই পৰ্যন্ত শ্ৰমিক কেইজনৰ কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা হোৱা নাই ৷
লগতে পঢ়কঃ কৰ্ম সংস্থাপনৰ আশা : নিজ ৰাজ্যলৈ যোৱাৰ সিদ্ধান্ত ত্যাগ বহু শ্ৰমিকৰ