ETV Bharat / state

ক’ভিডৰ সুৰুঙাৰে পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিতৰ অভিযোগ - Jorhat

ক’ভিড (COVID 19) ৰ বাবে একাংশ ঠিকাদাৰে বিভাগীয় লোকৰ প্ৰত্যক্ষ নিৰীক্ষণ নোহোৱাৰ বাবে পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷ যোৰহাটৰ নহটীয়া জে বি ৰোড সংযোগী পথটো নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক গাফিলতি সংঘটিত কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷

local-irked-over-pathetic-road-conditions-in-jorhat
যোৰহাটত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jul 28, 2021, 8:42 PM IST

যোৰহাট, 28 জুলাই : যোৰহাটৰ নহটীয়া জে বি ৰোড সংযোগী পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ প্ৰায় ৩,৩৮,৩৫,২০০ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা ২.৩৭০ কিল’মিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণৰ প্ৰায় দুদিনৰ পাছতেই চপৰা চপৰে এৰিছে ব্লেক টেপিং । যোৰহাটৰ বালিগাঁৱৰ টকৌ চুকবাসীৰ বাবে সপোন আছিল এই পথটোৰ পকীকৰণ কাৰ্য । বহু বছৰ ধৰি এটা পকা ৰাস্তাৰ বাবে ৰৈ আছিল গাঁৱখনৰ বাসিন্দাসকল ৷

শেহতীয়াকৈ চৰকাৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (Pradhan Mantri Gram Sadak Yojana)ৰ অধীনত এই পথটো নিৰ্মাণৰ বাবে পুঁজি আৱণ্টন দিয়ে । কিন্তু ২০২০ চনত আৰম্ভ হোৱা এই পথটোৰ নিৰ্মাণৰ দুদিনৰ পিছতেই চপৰা-চপৰে এৰি যায় ব্লেক টেপিং । যাক লৈ ক্ষুব্ধ হৈ পৰিছে গাঁৱবাসী ৷

যোৰহাটত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

উক্ত পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰ পবিত্ৰ দত্তৰ নিম্ন মানদণ্ডৰ কামৰ বাবেই পথটোৰ ব্লেক টেপিং খহি পৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱখনৰ স্থানীয় লোকে ৷ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও উঠিছে সন্দেহৰ আঙুলি ৷ মঙলবাৰে ইয়াকে লৈ অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনহাতে এইক্ষেত্ৰত ঠিকাদাৰ পবিত্ৰ দত্তই উত্থাপিত সকলো অভিযোগ নসাৎ কৰিছে ৷ তেওঁ দুদিন পূৰ্বে নিৰ্মাণ কৰা পথটো কেইজনমান উদণ্ড যুৱকে দা, চিপলাঙেৰে খান্দি বিনষ্ট সাধন কৰা বুলি দাবী কৰে ৷

লগতে পঢ়ক : মিজো আৰক্ষীৰ বৰ্বৰতাক দুৰ্ভাগ্যজনক আখ্যা বিধায়িকা নন্দিতা গাৰ্লচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.