যোৰহাট, 7 আগষ্ট : শেহতীয়াকৈ ৰাজ্যত কেইবাটাও শ্ৰমিক মৃত্যুৰ ঘটনা সংঘটিত হৈ গৈছে ৷ প্ৰতিটো ঘটনাই জোঁকাৰি গৈছে ৰাজ্য ৷ লিডুৰ কয়লাখনিত অকস্মাতে নাইকিয়া হৈ মৃত্যুক আঁকোৱালি লোৱা প্ৰাঞ্জল মৰাণৰ মৃত্যুৰ ঘটনাই ৰাজ্য কঁপাই থকাৰ সময়তে অসমবাসী আৰু কেইবাটাও শ্ৰমিক মৃত্যুৰ ঘটনাৰ সাক্ষী হৈ ৰ’ল ৷ ই নিশ্চয়কৈ আমাৰ বাবে দুখজনক খবৰ ৷ পুনৰ তেনে এক শ্ৰমিক মৃত্যুৰ ঘটনা সংঘটিত হ’ল শৈক্ষিক নগৰী যোৰহাটত ৷
যোৰহাট মৰিয়নী পথত অৱস্থিত G.M (মুলা গাট্টানী) নামৰ এটা কাৰখানাত কৰ্মৰত অৱস্থাত এগৰাকী শ্ৰমিকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকোঁৱালি লয় ৷ মৃত্যুৰ পিচতেই কাৰখানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি যোৰহাটৰ ব্যৱসায়ী মুলা গাট্টানী মালিকাধীন ক’ল কাৰখানাত মৰিয়নী মুৰমুৰীয়া চাহ বাগিচাৰ বাসিন্দা নীৰেন সিং ভূমিজ নামৰ শ্ৰমিকজন কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় আৰু এই ঘটনা সম্পৰ্কে কাৰাখানা কৰ্তৃপক্ষই পৰিয়ালৰ লোকক অৱগত নকৰি শ্ৰমিকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে ৷
চিকিৎসালয়ত চিকিৎসকে শ্ৰমিকজন মৃত বুলি ঘোষণা কৰে ৷ কিন্তু শ্ৰমিকজনৰ মৃত্যু সম্পৰ্কে কাৰাখানা কৰ্তৃপক্ষই চিকিৎসালয় আৱাসত থকা আৰক্ষী চকীত খবৰ দি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে যদিও তাকে নকৰি শ্ৰমিকজনৰ মৃতদেহ পুনৰ কাৰাখানালৈ লৈ আনে ।
আনহাতে শ্ৰমিকজনৰ মৃত্যু মালিক কৰ্তৃপক্ষই স্বাভাৱিকভাৱে হোৱা মৃত্যু বুলি বিষয়টো গাপ দিবলৈ চেষ্টা কৰে আৰু তাৰ পিচতহে পৰিয়ালটোক জানিবলৈ দিয়ে । কিন্তু মৃতদেহত বিদুৎস্পৃষ্ট হোৱাৰ চিহ্ন প্ৰতক্ষ্য কৰাত শ্ৰমিকজনৰ পৰিয়াল লোকৰ সন্দেহ ওপজে আৰু তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ পিচত চিনামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই ঘটনাৰ তদন্ত কৰাৰ আশ্বাস দিয়াতহে উত্তেজিত শ্ৰমিকসকল ক্ষান্ত হয় ।
লগতে পঢ়ক : Tragic incident in Dhubri:বিলাসীপাৰাত জল জীৱনৰ পানীৰ টেংকীত তিনি শ্ৰমিকৰ মৃত্যু