ETV Bharat / bharat

ভয়ানক প্ৰদূষণত দিল্লী-এন চি আৰত GRAP III প্ৰতিবন্ধকতা বলৱৎ; কি কৰিব পাৰিব, কি নোৱাৰিব - GRAP III RESTRICTIONS IN DELHI

দিল্লীত বায়ুৰ গুণমান সূচক অৱনতিৰ লগতে গুৰুতৰ শ্ৰেণীত থকাৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে প্ৰদূষণবিৰোধী আঁচনি জি আৰ এ পিৰ তৃতীয় পৰ্যায়ৰ ঘোষণা কৰিছে ।

GRAP III Restrictions In Delhi
ভয়ানক প্ৰদূষণত দিল্লী-এন চি আৰ (ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 10:35 AM IST

নতুন দিল্লী : দিল্লীত প্ৰদূষণ চৰম সীমাত উপনীত হৈছে । যাৰ বাবে দিল্লীত বায়ুৰ গুণমান সূচকৰ যথেষ্ট অৱনতি ঘটিছে । আনহাতে, বায়ুৰ গুণমান সূচক (AQI) গুৰুতৰ শ্ৰেণীত উপনীত হোৱাৰ বাবে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (Commission for Air Quality Management, CAQM) প্ৰদূষণবিৰোধী আঁচনি জি আৰ এ পিৰ তৃতীয় পৰ্যায়ৰ ঘোষণা কৰিছে । জি আৰ এ পিৰ তৃতীয় পৰ্যায়ত অত্যাৱশ্যকীয় চৰকাৰী প্ৰকল্প, খনন আৰু শিল ভঙাৰ বাহিৰে নিৰ্মাণ আৰু অন্য ধ্বংসাত্মক কাম সম্পূৰ্ণৰূপে বন্ধ কৰিছে । লগতে দিল্লী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলত বি এছ-3 পেট্ৰ'ল আৰু বি এছ-4 ডিজেল বাহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এন চি আৰ) বাবে গ্ৰেডেড ৰেচপন্স একচন প্লেন (Graded Response Action Plan, GRAP) দিল্লীত প্ৰতিকূল বায়ুৰ গুণমান চাৰিটা পৃথক পৰ্যায়ৰ অধীনত শ্ৰেণীবদ্ধ কৰা হৈছে : প্ৰথম পৰ্যায়- 'শোচনীয়' (এ কিউ আই 201-300); দ্বিতীয় পৰ্যায়- 'অতি শোচনীয়' (এ কিউ আই 301-400); তৃতীয় পৰ্যায়- 'গুৰুতৰ' (এ কিউ আই 401-450); আৰু চতুৰ্থ পৰ্যায়-- 'অতি গুৰুতৰ' (এ কিউ আই >450) । চি এ কিউ এম উপ-সমিতিয়ে 14 নৱেম্বৰত এক জৰুৰী পৰ্যালোচনা বৈঠকৰ পিছত উল্লেখ কৰে যে 13 নৱেম্বৰৰ পৰা দিল্লীৰ এ কিউ আই নিৰন্তৰ 'গুৰুতৰ' পৰিসৰত আছে । পূৰ্বানুমান অনুসৰি ই অনাগত দিনবোৰত 'অতি শোচনীয়' শ্ৰেণীৰ উচ্চতম সীমাত থাকিব পাৰে ।

"উপ-সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰে যে ৰাষ্ট্ৰীয় ৰাজধানীত (এন চি আৰ) 25 নৱেম্বৰৰ পুৱা 8 বজাৰ পৰা এন চি আৰৰ সংশ্লিষ্ট সকলো সংস্থাই আন্তৰিকতাৰে জি আৰ এ পি-'চিভিয়েৰ' বায়ুৰ গুণগত মানৰ (দিল্লী এ কিউ আই) তৃতীয় পৰ্যায়ৰ অধীনত পৰিকল্পনা কৰা সকলো পদক্ষেপ সম্পূৰ্ণ আন্তৰিকতাৰে ৰূপায়ণ কৰিব ।" চি এ কিউ এমৰ নিৰ্দেশত কোৱা হৈছে ।

উল্লেখ্য যে 2023 চনৰ তুলনাত এই বছৰ তৃতীয় পৰ্যায়ৰ আহ্বান যথেষ্ট পলমকৈ কৰা হৈছে । যোৱা বছৰ ইয়াক 2 নৱেম্বৰত কাৰ্যকৰী কৰা হৈছিল । সমগ্ৰ এন চি আৰত কাৰ্যকৰী হোৱা এই কাৰ্য পৰিকল্পনাই ইতিমধ্যে চলি থকা প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ পদক্ষেপবোৰৰ পৰিপূৰক হিচাপে কাম কৰিব ।

তৃতীয় পৰ্যায়ৰ অধীনত 11 দফীয়া কাৰ্য পৰিকল্পনাত অন্তৰ্ভুক্ত আছে পথত ঝাড়ু মৰাৰ মাতাৰ বৃদ্ধি, অতিপাত যান-বাহন চলা এলেকাত ধূলি নিৰ্মূলৰ ব্যৱস্থাৰ সৈতে অধিক পানী ছটিওৱা আৰু ৰাজহুৱা পৰিবহণ সেৱা বৃদ্ধি কৰা ।

ইয়াৰ উপৰি ধূলি সৃষ্টিকাৰী নিৰ্মাণ কাৰ্য আৰু ধ্বংসমূলক কাৰ্যকলাপৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । কেৱল ৰাষ্ট্ৰীয় সুৰক্ষা, স্বাস্থ্য সেৱা আৰু ৰাজহুৱা আন্তঃগাঁথনি সম্পৰ্কীয় অত্যাৱশ্যকীয় প্ৰকল্পবোৰ কঠোৰ পৰিৱেশ নিয়ন্ত্ৰণৰ অধীনত অব্যাহত ৰখাৰ অনুমতি দিয়া হৈছে । শিল ভঙা আৰু খনন কাৰ্যকে ধৰি প্ৰদূষণকাৰী উদ্যোগসমূহ বন্ধ কৰা হ'ব আৰু দিল্লী আৰু চুবুৰীয়া জিলাসমূহত বি এছ-৩ পেট্ৰ'ল আৰু বি এছ-৪ ডিজেল বাহনৰ চলাচলৰ ওপৰত নিষেধাজ্ঞা থাকিব ।

পৰিৱেশৰ গুণমা পূৰণ নকৰা আন্তঃৰাজ্যিক বাছসমূহকো চহৰখনত প্ৰৱেশ কৰাত বাধা দিয়া হ'ব । কৰ্তৃপক্ষই ক্ষতিকাৰক বায়ুৰ গুণমানৰ সংস্পৰ্শ হ্ৰাস কৰিবলৈ পঞ্চম শ্ৰেণীলৈকে শিশুসকলৰ বাবে পাঠদান অনলাইনলৈ সলনি কৰাৰ কথাও বিবেচনা কৰি আছে ।

চি এ কিউ এমে নাগৰিকসকলক তৃতীয় পৰ্যায়ৰ অধীনত নিৰ্দেশনা অনুসৰণ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ ভিতৰত আছে পৰিষ্কাৰ পৰিবহণ পদ্ধতি বাছনি কৰা, সম্ভৱ হ'লে ঘৰৰ পৰা কাম কৰা আৰু উত্তাপৰ বাবে কয়লা আৰু কাঠৰ ব্যৱহাৰ পৰিহাৰ কৰা । অঞ্চলটোত তীব্ৰ প্ৰদূষণৰ ফলত উদ্ভৱ হোৱা স্বাস্থ্যৰ বিপদাশংকা হ্ৰাস কৰাৰ বাবে এই পদক্ষেপসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে চি এ কিউ এমে ৰাইজৰ সহযোগিতাৰ বাবে আহ্বান জনাইছে ।

প্ৰদূষণৰ স্তৰ বাঢ়ি অহাৰ লগে লগে কুঁৱলীৰ এক অতি ঘন আৱৰণে ৰাষ্ট্ৰীয় ৰাজধানীক আৱৰি ধৰিছে । কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ (চি পি চি বি) অনুসৰি দিল্লীত বৃহস্পতিবাৰে দুপৰীয়া 1 বজাত এ কিউ আই স্তৰ আছিল 425 ।

লগতে পঢ়ক :দিল্লীত প্ৰদূষণৰ বিপদঘণ্টা; ৰাজধানীবাসীৰ হাহাকাৰ
লগতে পঢ়ক :ধোঁৱাৰ আচ্ছাদন দিল্লীত; ওচৰতে থকা বস্তুও ধৰিব নোৱৰা পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.