ETV Bharat / state

কঙালী ভঁৰাল : একাংশ মহিলাৰ এটি ব্যতিক্ৰমী চিন্তা ! - corona virus

ভৱিষ্যতৰ বিষয়ে যদি পূৰ্বৰে পৰা চিন্তা কৰা হয়, আৰু যদি ভৱিষ্যতৰ সাম্ভাব্য বিপদৰ বাবে প্ৰতি মূহুৰ্ততে নিজকে প্ৰস্তুত কৰি ৰখা হয়, তেনে হলে যি বিপদেই নাহক কিয়,সেই বিপদক প্ৰতিহত কৰিব পৰা যায় । এনে দূৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিছে যোৰহাটৰ এদল মহিলাই ।

A paddy Bank of women self help group in jorhat

author img

By

Published : May 7, 2020, 5:16 PM IST

যোৰহাট, 7 মে' : "কঙালী ভঁৰাল" ২০০৫ চনতে যোৰহাটৰ পীঢ়াকটা অঞ্চলৰ কেইগৰাকীমান মহিলাই লোৱা এক পদক্ষেপৰ নাম । ভৱিষ্যৎ বিপদৰ মুখামুখি হ'লে বা খাদ্যৰ নাটনি হ'লে তৎমূহুৰ্তত সহায় লাভৰ বাবে আৰম্ভ কৰা হৈছিল এই কঙালী ভঁৰাল ৷ কঙালী বুলিলে যদিও আমি নাটনিকে বুজো, এই ভঁৰালৰ উদ্দেশ্য কিন্তু নাটনি দূৰ কৰাহে ৷ কঙালী ভঁৰালত গাঁৱৰ বিভিন্ন পৰিয়ালৰ পৰা ধান সংগ্ৰহ কৰি জমা কৰি থোৱাৰ ব্যৱস্থা কৰা হয় ৷ পাচত সংকটৰ সময়ত সেয়া দুখীয়া পৰিয়ালক দিয়াৰ ব্যৱস্থা কৰা হয় ।

Kongali Bhoral
দূৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰা যোৰহাটৰ এদল মহিলা

বৃহত্তৰ পীড়াকটা অঞ্চলৰ ৯ টা আত্মসহায়ক গোট একেলগ হৈ "নৱৰত্ন"নামৰে ২০০৫ চনৰ পৰাই গাঁওখনৰ বিপদত পৰা ব্যক্তি তথা পৰিয়ালক সহায়ৰ হাত আগবঢ়াই আহিছে । বৰ্তমান লক্ ডাউনৰ সময়ত বহু পৰিয়ালক সহায় কৰিছে তেওঁলোকে ।

Kongali Bhoral
দৰিদ্ৰক সহায়ৰ বাবে এটি সঞ্চয়ৰ চিন্তা

কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা লক্ ডাউনৰ বাবে বহু লোক ঘৰৰ পৰা ওলাই আহিব পৰা নাই । এই সকল মহিলাই কঙালী ভঁৰালৰ পৰাই বহু লোকক সহায়ৰ হাত আগবঢ়াইছে ।

কঙালী ভঁৰাল : একাংশ মহিলাৰ এটি ব্যতিক্ৰমী চিন্তা !

ৰাইজক সহায়ৰ হাত আগবঢ়োৱা মহিলা সকলৰ এই পোন্ধৰ বছৰীয়া পৰিক্ৰমাত পথ প্ৰদৰ্শকৰূপে কাষত থিয় দিয়ে উত্তৰ পূৱ পীড়িত অঞ্চল উন্নয়ন সমিতি চমুকৈ NEADS নামৰ স্বেচ্ছাসেৱী সংগঠন টো ।

Kongali Bhoral
এটি ব্যতিক্ৰমী চিন্তা

আৰম্ভণিতে এই মহিলা সকলক আৰ্থিক ভাবেও সহায় কৰিছিল সংগঠনটোৱে । বৰ্তমান"কঙালী ভঁৰাল"ৰ লগতে এই মহিলা সকলে সংৰক্ষিত কৰিছে বিভিন্ন থলুৱা বীজ । ২০১২ চনত অসম কৃষি বিশ্ববিদ্যালয়ে বীজ সংৰক্ষণ বাবে এটা গৃহও নিৰ্মাণ কৰি দিছে এই সকল মহিলাক । বিপদ প্ৰতিহত কৰাৰ বাবে মহিলাসকলে লোৱা এই অৱশ্যেই শলাগ ল'ব লগীয়া ৷

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী কোৱাৰেণ্টাইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.