ETV Bharat / state

KMSS Protest in Jorhat : মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত KMSS ৰ প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধৰ দাবীত উত্তাল যোৰহাট ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে বৃহস্পতিবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী (KMSS Protest Against Price Hike) কাৰ্যসূচী ৷

author img

By

Published : Dec 2, 2021, 7:09 PM IST

KMSS Protest in jorhat
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত KMSS ৰ প্ৰতিবাদ

যোৰহাট, 2 ডিচেম্বৰ : ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি (Price Hike of Essential Goods) য়ে কোঙা কৰিছে সৰ্ব-সাধাৰণ জনতাক ৷ ৰাজ্যত অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী ৷

এইবাৰ মূল্যবৃদ্ধি ৰোধৰ দাবীৰে উত্তাল হ’ল যোৰহাট চহৰৰ মাজমজিয়া ৷ বৃহস্পতিবাৰে মূল্যবৃদ্ধি ৰোধৰ হকে যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ (KMSS Protest Against Price Hike) ৷ মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি ৰোধ কৰাত ৷

কিন্তু তাৰ পৰিৱৰ্তে শাসনৰ বাঘজৰি হাতত লোৱাৰ পাচৰে পৰা ইন্ধনজাত সামগ্ৰীৰ লগতে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বিপৰীতে বৃদ্ধিহে হৈছে ৷ আনকি বৰ্তমান মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতাই দুবেলা দুসাজ খাবলৈও চিন্তা কৰিব লগাত পৰিছে ৷ এক লিটাৰ মিঠাতেলৰ দাম এগৰাকী শ্ৰমিকৰ এদিনৰ হাজিৰাতকৈও বেছি, এইবুলি গৰজি উঠিছে যোৰহাট কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে ৷

আনকি প্ৰতিবাদকাৰীৰ দাবী, শীঘ্ৰে ৰোধ কৰক মূল্যবৃদ্ধি ৷ নহ’লে যোৰহাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰতৰ কৰি তুলিব মূল্যবৃদ্ধি বিৰোধী প্ৰতিবাদ (Protest Against Price Hike) ৷

লগতে পঢ়ক : Price hike in Assam: বজাৰত জ্বলিছে জুই অসম চৰকাৰ আছে শুই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.