ETV Bharat / state

জাতীয় সংগঠনৰ নেতা কৰ্মীৰ সৈতে সংঘাত চিকিৎসকৰ - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

তিতাবৰৰ বৰহোলা ইউনাইটেড বেংকত উত্তপ্ত পৰিস্থিতি ৷ জাতীয় সংগঠনৰ নেতা-কৰ্মীৰে সংঘাত চিকিৎসকৰ ৷ চিকিৎসক আৰু বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ দাখিল বৰহোলা আৰক্ষী থানাত ৷

kmss member and doctor clash at titabor
kmss member and doctor clash at titabor
author img

By

Published : Sep 20, 2020, 6:59 AM IST

তিতাবৰ, 19 ছেপ্টেম্বৰ : তিতাবৰৰ বৰহোলা ইউ বি আই শাখাত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীৰ সতে সংঘাতত লিপ্ত হয় বৰহোলা সামূহিক চিকিৎসালয়ৰ এজন চিকিৎসক । বৰহোলাৰ বেংক কৰ্তৃপক্ষই ৰাইজক হাৰাশাস্তি কৰাৰ লগতে কেইবাটাও বিষয়ত শুকুৰবাৰে বেংক কৰ্তৃপক্ষৰে সংঘাতৰ সূত্ৰপাত ঘটিছিল দুই সংগঠনৰ । যাৰ ফলত শনিবাৰে দুই সংগঠনৰ নেতাকৰ্মী উপস্থিত হৈছিল বৰহোলাৰ ইউ বি আই শাখাত ।

জাতীয় সংগঠনৰ নেতা কৰ্মীৰ সৈতে সংঘাত চিকিৎসকৰ

তেনে সময়তে পত্নীৰ কৰ্মৰত বৰহোলা ইউ বি আই শাখাত স্থানীয় বৰহোলা সামূহিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক পার্থ শইকীয়া প্ৰৱেশ কৰি সংগঠনৰ নেতা কৰ্মী সকলৰ সৈতে হতাহতিত লিপ্ত হোৱাৰ অভিযোগ উঠিছে । ফলত সংগঠনটোৰ নেতা কৰ্মী সকলে চিকিৎসক জনক বেংকৰ ভিতৰতে আবদ্ধ কৰি ৰাখি চমজাই দিয়ে বৰহোলা আৰক্ষীক । ইফালে সংগঠনটোৱে চিকিৎসক জনৰ বিৰুদ্ধে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আনফালে কৰ্তব্যৰত সময়ত চিকিৎসালয় এৰি এজন চিকিৎসকে পত্নীৰ কৰ্মৰত বেংকৰ এনে ঘটনাত লিপ্ত হোৱা কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অৱশ্যে চিকিৎসকজনে নিজৰ কামৰ বাবেহে বেংকলৈ যোৱা বুলি উল্লেখ কৰিছে ।

লগতে পঢ়ক : কটাহবাৰীত যুৱতীক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটিলে ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.