যোৰহাট,8আগষ্টঃ বিগত 2 টাকৈ অধিক কাল সময়ানুসৰি বেতন নোপোৱাৰ ফলত পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল পানী যোগান পৰিষদৰ কৰ্মচাৰী । বৃহস্পতিবাৰে যোৰহাট নগৰৰ পানী যোগান আঁচনি তথা যোৰহাটৰ নেহেৰু পাৰ্কত থকা নগৰ পানী যোগান পৰিষদৰ শতাধিক কৰ্মচাৰীয়ে নায্য প্ৰাপ্তিৰ দাবীত কাৰ্যালয়ৰ চৌহদত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পাচত প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী, বিধান সভা অধ্যক্ষ আৰু বিত্তমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে তিনি চাৰি মাহৰ ভিতৰত লাভ কৰি আহিছে মাত্ৰ এটাকৈ মাহৰহে বেতন ।