ETV Bharat / state

ষ্টেট বেংকৰ চৰাইবাহী শাখাক কণ্টেইনমেণ্ট জ'ন ঘোষণা - কণ্টেইনমেণ্ট জ'ন ঘোষণা

কণ্টেইনমেণ্ট জ'নলৈ পৰিৱৰ্তিত হৈছে যোৰহাটত থকা বিভিন্ন বেংকৰ শাখাৰ কাৰ্যালয় । জিলাখনত দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । যোৰহাটত ইউনিয়ন বেংকৰ পাছত এতিয়া ষ্টেট বেংকৰ চৰাইবাহী শাখাৰ কাৰ্যালয়কো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ।

Jorhat SBI branch declared containment zone
ষ্টেট বেংকৰ যোৰহাটৰ শাখাৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা
author img

By

Published : May 6, 2021, 5:34 PM IST

যোৰহাট,৬ মে': ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । আন আন জিলাৰ সমান্তৰালকৈ যোৰহাটতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । ৭০০ ৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই । আনহাতে, মহামাৰীৰ কবলত পৰি মৃত্যু হৈছে ৮৬ জনকৈ লোকৰ ।

প্ৰতিদিনে শতাধিক লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । শেহতীয়াকৈ ষ্টেট বেংকৰ দক্ষিণ যোৰহাটৰ চৰাইবাহী শাখাৰ কাৰ্যালয়ক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে । কাৰ্যালয়টোৰ ৫ জন কৰ্মচাৰী মহামাৰীত আক্ৰান্ত হোৱাৰ পাছত জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰে আৰু বেংকৰ লেনদেন বন্ধ কৰি দিয়ে ।

ইয়াৰ পূৰ্বে চহৰখনৰ মাজমজিয়াত থকা ইউনিয়ন বেংকৰ মুখ্য শাখাৰ কাৰ্যালয়ত চাৰিজন কৰ্মচাৰীৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত বেংক কৰ্তৃপক্ষই সাময়িকভাৱে কাৰ্যালয়টো বন্ধ কৰি ৰাখে ।

লগতে পঢ়ক: মাকৈ খেতি কৰি হাহাকাৰ বৰপেটাৰ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.