ETV Bharat / state

প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল ৰাজপথ

author img

By

Published : Jul 31, 2019, 3:57 PM IST

প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল যোৰহাটৰ ৰাজপথ । পথ অৱৰোধেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ প্ৰতিবাদকাৰীৰ ।অতি শীঘ্ৰে দাবী পুৰণ নকৰিলে জংগী আন্দোলনৰ ভাবুকি প্ৰতিবন্ধীসকলৰ৷

প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল ৰাজপথ

যোৰহাট, 31 জুলাইঃ উজনি অসম প্ৰতিবন্ধী সুৰক্ষা পৰিষদৰ পথ অৱৰোধ কায্যসূচীত স্থৱিৰ হৈ পৰিল যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। যোৰহাটৰ অজন্তা বাইপাছ তিনিআলিত নায্যপ্ৰাপ্তিৰ দাবীত কৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰায় শতাধিক প্ৰতিবন্ধী প্ৰতিবাদকাৰীয়ে ৷ দীৰ্ঘদিন ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ কৰি আহিছিল প্ৰতিবন্ধী সকলে৷

প্ৰতিবন্ধীৰ প্ৰতিবাদত উত্তাল ৰাজপথ

বৰ্তমানেও কাৰ্যকৰী ক্ষেত্ৰত দৃঢ় পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ল এই সকল প্ৰতিবন্ধী লোক । বিভিন্ন দাবীৰে যোৰহাটত জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী, সমাজ কল্যাণ মন্ত্ৰী, গৃহ সচিব,সমাজ কল্যাণ সচিবলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে । প্ৰতিবাদস্থলীৰ পৰা দিব্যাংগ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৮৬৮ টা পদ শীঘ্ৰে পূৰণৰ দাবী তোলে৷ লগতে ৯ জুনত পতা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা দোষী ব্যক্তিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে৷ উল্লেখযোগ্য যে অতি শীঘ্ৰে দাবী সমূহ পূৰণ নকৰিলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ ভাবুকি প্ৰতিবাদকাৰীৰ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.