যোৰহাট, 21 আগষ্ট : ‘‘ৰঙা মানেই সাৱধান । সেয়া লাগিলে ৰঙা ঘৰেই হওক, নতুবা ৰঙা লাইটেই হওক ৷ যোৰহাট পুলিচ সদায় সতৰ্ক ।’’ এয়া আমাৰ ভাষ্য নহয় ৷ এয়া হৈছে যোৰহাট আৰক্ষীৰ এটা আকৰ্ষণীয় ফেচবুক পোষ্ট । চুৰি বাইক আৰু স্কুটীসহ দুটা চোৰক আটক কৰাৰ পাচতে যোৰহাট আৰক্ষীয়ে দিছে উক্ত ফেচবুক পোষ্টটো ৷ কাৰণ এতিয়া যোৰহাটত চোৰৰ আতংক চলিছে । কি বাসগৃহত, কি বাহিৰত । মুঠতে যোৰহাটৰ ভিন্ন স্থানত অব্যাহত আছে চোৰৰ লুট-পাত । তাৰ মাজতে স্কুটী চোৰ এটাক ধৰি এতিয়া চৰ্চাত যোৰহাট আৰক্ষী ।
জানিব পৰা মতে, চলিত মাহৰ 11 তাৰিখে যোৰহাটৰ ৰূপক শৰ্মা নামৰ এজন লোকৰ স্কুটীখন জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখৰ পৰাই চুৰি হৈছিল । বহু বিচাৰ-খোচাৰ কৰাৰ অন্ততো স্কুটীখন নাপাই ৰূপক শৰ্মা কাষ চাপে আৰক্ষীৰ ৷ তাৰ পাচত দাখিল কৰে এক এজাহাৰ ৷
বিগত 11 তাৰিখৰ পৰাই স্কুটীখন বিচাৰি নাপায় হাইৰাণ হৈ পৰে ৰূপক ৷ আৰক্ষীয়েও ৰূপকৰ হেৰোৱা স্কুটীৰ কোনো সম্ভেদেই উলিয়াব পৰা নাছিল ৷ আৰক্ষীলৈ বাট নাচায় ৰূপকেও প্ৰতিদিনে স্কুটী বিচাৰি চলাথ কৰে যোৰহাটৰ প্ৰতিটো চুক-কোণ ৷
আন দিনাৰ দৰে শনিবাৰেও ৰূপক শৰ্মাই হেৰুৱা স্কুটীখন বিচাৰি থাকোতেই তেওঁৰ হাতত পৰিল পিলিঙা চোৰ ৷ পিলিঙা চোৰে নম্বৰ প্লেট আঁতৰাই যোৰহাট আৰক্ষীৰ সন্মুখতেই চলাই ফুৰিছিল চুৰি কৰা দুচকীয়া বাহনখন । হঠাৎ গৰাকীৰ সন্মুখতে স্কুটীসহ চোৰটো উপস্থিত হোৱাত তেওঁ কৰায়ত্ত কৰে চোৰটোক ৷ তাৰ পাচতে আৰক্ষীয়ে ধৰিব নোৱাৰা চোৰক গৰাকীয়ে ধৰি গটালে যোৰহাট আৰক্ষীক ।
পৰৱৰ্তী পৰ্যায়ত ধৃত চোৰটোক লগত লৈ আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানত আৰক্ষীয়ে এখন বাইকসহ কৰায়ত্ত কৰে আন এটা চোৰক ৷ ধৃত চোৰ দুটাৰ নাম ক্ৰমে পাপু সিং আৰু অমৃত সিং বুলি জানিব পৰা গৈছে ৷ সম্বন্ধত ধৃত চোৰ দুটা ভাই-ককাই ।
উল্লেখ্য যে, বৰ্তমান যোৰহাটত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ ফলত চোৰে নিদ্ৰা হৰণ কৰিছে যোৰহাট আৰক্ষীৰ । শনিবাৰে দুটা চোৰক কাৰায়ত্ত কৰি যোৰহাট আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত সকলোকে আকৰ্ষণ কৰিব পৰাকৈ আপলোড কৰিলে পোষ্ট ৷ যোৰহাট আৰক্ষীৰ এই ফেচবুক পোষ্টে দৃষ্টি কাঢ়িছে ৰাজ্যবাসীৰ ।
লগতে পঢ়ক : Truck Driver Protest in Tinsukia: তিনিচুকীয়াত অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী