যোৰহাট, 5 জুন: প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰা যোৰহাটৰ এজন ব্যক্তি ৷ নাম তেওঁৰ দেহ বৰা ৷ যোৰহাট ওপৰ গৰুমৰাৰ মাজুলী গাঁৱৰ এইজন প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তুলিছে এখন বনাঞ্চল ৷ প্ৰায় বিশ বিঘা মাটিত তেওঁ গঢ়ি তুলিছে বিশাল বনাঞ্চল ৷ নিৰৱিচ্ছিন্ন ভাবে নিজৰ জীৱন প্ৰকৃতি নামত উৰ্চগা কৰি আহিছে এইজন ব্যক্তিয়ে (Jorhat Man Has Built a Forest of his Own) ৷
এইজন প্ৰকৃতিেপ্ৰমী ব্যক্তিয়ে পখিলা উদ্যানৰ লগতে ফল-মূলৰ বাগিচা গঢ়ি তুলিছে ৷ তেওঁ গঢ়ি তোলা এই বনাঞ্চলত পহু, হৰিণা,মেচেকা, বান্দৰ ,শিয়ালৰ লগতে বিভিন্ন জীৱ-জন্তুও পোৱা যায় ৷ এই বনাঞ্চলৰ উপৰিও বিভিন্ন প্ৰজাতিৰ পখিলাৰ বাবে পখিলা উদ্যান, বান্দৰ আৰু অন্যান্য জীৱ-জন্তু কাৰণে ফল-মূলৰ উদ্যান , আৰু কণ কণ শিশুসকলৰ কাৰণে এখন বিশেষ ফলৰ উদ্যানো গঢ়ি তুলিছে এইগৰাকী প্ৰকৃতিপ্ৰেমী দেহ বৰাই (World Environment day 2023) ৷
আজৰি সময়ত প্ৰকৃতিপ্ৰেমী দেহ বৰাই নিজেই গঢ়া বনাঞ্চলখন প্ৰতিপালন কৰি বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তত গছ পুলি ৰোপন কৰি পৰিৱেশ ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ৷ তেওঁ বান্দৰৰ লগতে অন্যান্য জীৱ-জন্তৰ বাবে গঢ়ি তোলা ফল-মূলৰ বাগিচাখনত কঠাল, লিচু, আম, আনাৰস, কল, বিভিন্ন প্ৰকাৰৰ বগৰী উপলদ্ধ ৷ আনহাতে প্ৰকৃতিপ্ৰেমী দেহ বৰাই প্ৰত্যক দিনাই ৫ৰ পৰা ১০ টাকৈ গছপুলি ৰোপণ কৰি আহিছে বুলি জানিবলৈ দিয়ে (Nature lover of Jorhat) ৷
আনহাতে ৰাজ্যত বৃদ্ধি পোৱা গৰমৰ প্ৰকোপ সন্দৰ্ভত তেওঁ কয় যে, জীৱ শ্ৰেষ্ঠ মানুহে গছ-গছনি ধ্বংস কৰাৰ বাবে তাপমাত্ৰা বৃদ্ধি পাইছে ৷ এইগৰাকী দেহ বৰাই গৰাখহনীয়া ৰোধৰ বাবে নদীৰ কাষে কাষে শিমলু গছ ৰোপন কৰি আহিছে । প্ৰকৃতিপ্ৰেমী দেহ বৰাই প্ৰকৃতি ৰক্ষা কৰাৰ বাবে যি মহৎ পদক্ষেপ লৈছে তাক এতিয়া সকলোৱে শলাগ লৈছে ৷
লগতে পঢ়ক: World Environment Day: তেজপুৰত "প্লাষ্টিক এৰো পৃথিৱী ধৰো" শ্লোগানৰে পৰিৱেশ দিৱস উদযাপন