ETV Bharat / state

ক্ৰমাৎ বগাহাতীত পৰিণত হৈছে যোৰহাটৰ জলসিঞ্চন বিভাগ - Central Government

যোৰহাট জিলাত জলসিঞ্চন বিভাগৰ পয়ালগা ৰূপ ৷ যোৰহাট জিলাত 38 খন গভীৰ নলীনাদ জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰে অধিকাংশ আঁচনিয়ে বিকল হৈ আছে । ফলস্বৰূপে সময়মতে বীজ সিঁচিব নোৱাৰাৰ ফলত পৰিশ্ৰমলৈ চাই ফচলৰ উপযুক্ত আমদানি হোৱা নাই কৃষকসকলৰ ।

teok-irrigation
যোৰহাটৰ জলসিঞ্চন বিভাগ
author img

By

Published : Jul 8, 2021, 12:09 PM IST

যোৰহাট, 8 জুলাই : কেৱল নামটোহে বাকী ৰৈছে যোৰহাট জিলাৰ জলসিঞ্চন বিভাগৰ ৷ যোৰহাট জিলাত 38 খন গভীৰ নলীনাদ জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰে অধিকাংশ আঁচনিয়ে বিকল হৈ আছে । যি দুই এখন কোনোমতে চলি আছে সেই আঁচনিৰো সকলোবিলাক অংশই পানী যোগান ধৰিব নোৱাৰে । সমগ্ৰ উজনি অসমতে ক্ৰমাৎ যেন চৰকাৰৰ অন্যতম বিয়াগোম বিভাগ জলসিঞ্চন বিভাগ বগাহাতীত পৰিণত হৈছে ।

এই আঁচনিসমূহত 234 গৰাকী কৰ্মচাৰী নিয়োগ হৈ আছে যদিও ইয়াৰ সুফল লাভ কৰা নাই কৃষকে । এই 234 গৰাকী কৰ্মচাৰীৰ বিপৰীতে ৰাজকোষৰ পৰা প্ৰতি মাহে 78,61,899 টকা ব্যয় কৰি আহিছে চৰকাৰে । ৰাজকোষৰ ধনৰ অপব্যয়ৰ এয়া মাথো এক উদাহৰণহে ।

এই আঁচনিখন 1986 চনতে টীয়কৰ বনাই অঞ্চলৰ কৃষকৰ সুবিধাৰ্থে স্থাপন কৰা হৈছিল, যদিও আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল । এতিয়াও কৃষকে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে খেতি আৰম্ভ কৰিবলগীয়া হৈছে । ফলস্বৰূপে সময়মতে বীজ সিঁচিব নোৱাৰাৰ ফলত পৰিশ্ৰমলৈ চাই ফচলৰ উপযুক্ত আমদানি হোৱা নাই কৃষকসকলৰ ।

বগা হাতীত পৰিণত হৈছে যোৰহাটৰ জলসিঞ্চন বিভাগ

সেয়ে কৃষক সমাজে এইবাৰ নতুন চৰকাৰখনক বিকল্প ব্যৱস্থাৰে হ'লেও পথাৰত পানী যোগান ধৰি কৃষকসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে । ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইত জলসিঞ্চন বিভাগটোৰ ফোঁপোলা স্বৰূপ প্ৰকাশ পাইছে ৷ বৰ্তমানেও অৰ্ধনিৰ্মিত অৱস্থাতে আছে গোলাঘাটৰ অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাট যোৰ দলঙৰ ৰেংমা নদীৰ ওপৰত নিৰ্মাণ কৰা জলসিঞ্চন প্ৰকল্প(Irrigation Scheme) ।

2009-10 বিত্তীয় বৰ্ষতে কেন্দ্ৰীয় চৰকাৰে(Central Government) আৱণ্টন দিয়া 17 কোটি 50 লাখ টকা ব্যয়েৰে জলসিঞ্চন বিভাগে(Irrigation Department) এই জলসিঞ্চন প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল ৷ 42 খন গাঁৱৰ কৃষক ৰাইজৰ 15000 হেক্টৰ কৃষি ভূমিত পানী যোগান ধৰাৰ বাবে পানী যোগান আঁচনি নিৰ্মাণ কৰা হৈছিল । কিন্তু মুঠ 13 জন ঠিকাদাৰে নিৰ্মাণ কৰিবলৈ লোৱা পানী যোগান আঁচনিখনৰ কাম 12 বছৰে সম্পূৰ্ণ নহ'ল । বিভাগীয় বিষয়া-কৰ্মচাৰী লগতে ঠিকাদাৰসকলৰ হেমাহিৰ বাবে আজি পৰ্যন্ত পানী যোগান আঁচনিখন অৰ্ধনিৰ্মিত অৱস্থাত আছে ।

লগতে পঢ়ক: চৰকাৰী বিভাগৰ অনাদায় বিদ্যুৎ মাছুল আদায় হ'ব কেতিয়া ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.