ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক

author img

By

Published : Jul 25, 2021, 3:06 PM IST

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত পোষ্ট কৰি গ্ৰেপ্তাৰ যোৰহাটৰ যুৱক ৷ যুৱকজন যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী যুৱকজনৰ বিৰূদ্ধে দাখিল হোৱা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁক ৷

jorhat guy arrested posting controversial post on pm modi
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত প'ষ্ট কৰি গ্ৰেপ্তাৰ যুৱক

যোৰহাট, 25 জুলাই : এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত পোষ্ট কৰি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ এজন যুৱক ৷ গ্ৰেপ্তাৰ হোৱা যুৱকজন যোৰহাটৰ পূৱ বঙালপুখুৰীৰ নিবাসী অভিলাষ দত্ত বুলি জানিব পৰা গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)ৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউন্টত বিতৰ্কিত পোষ্ট লিখি এইদৰে গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল যুৱকজন ৷

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অভিলাষ দত্ত যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ (Deputy Commissioners office Jorhat) এগৰাকী কৰ্মচাৰী ৷ সামাজিক মাধ্যমত (social media) বিনয় কুমাৰ লিখক নামৰ লোকজনে অভিলাষৰ এই বিতৰ্কিত পোষ্ট পৰিলক্ষিত কৰি এখন এজেহাৰ(FIR) দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷

যুৱকজনৰ বিৰুদ্ধে ৰুজু হোৱা ১৬৩২/২০২১ কেছ নম্বৰত ২৯৪,৫০৬,৫০৫,৩৮৭, আই টি এক্ট (IT act) ৬৭ ধাৰাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

কিছুদিনৰ পূৰ্বে নলবাৰী জিলাৰ কমাৰকুছি থানাৰ অন্তৰ্গত কমাৰকুছি গাঁৱৰ এগৰাকী যুৱতীয়ে নিজৰ নম্বৰত থকা হোৱাটছ এপৰ ষ্টেটাচ(whatsAap status)ত কিছু বিতৰ্কিত ফটো প্ৰচাৰ কৰিছিল ৷ এই ষ্টেটাছযোগে যুৱতীগৰাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)লৈ গো-মাংস(beef) প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায় ৷ পিছত যুৱতী গৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱতী গৰাকীক ৷

শেহতীয়াকৈ, ৰাজ্যত যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পোৱা এই ধৰণৰ চাইবাৰ ক্ৰাইমে(cyber crime)য়ে চিন্তিত কৰিছে সচেতন মহলক ৷

লগতে পঢ়ক : সুশান্ত ইন কুশল দুৱৰী আউট হ’ব নেকি থাওৰাত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.