ETV Bharat / state

অখিল গগৈৰ মাতৃৰ কাষত ৰাণা গোস্বামী: কলে শীঘ্ৰে মুক্তি পাব অখিলে

author img

By

Published : Sep 6, 2020, 12:22 PM IST

Updated : Sep 6, 2020, 12:51 PM IST

টীয়কৰ চেলেংহাটস্থিত অখিল গগৈৰ বাসগৃহত শনিবাৰে উপস্থিত হৈছিল যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছী নেতা ৰাণা গোস্বামী ৷ অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতা গৰাকী অতিশীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি কৈ বৃদ্ধা মাতৃক দিলে শান্তনা ৷ নেতা গৰাকীয়ে অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নগদ 20 হাজাৰ টকাৰ এক আৰ্থিক সাহাৰ্যও কৰিলে প্ৰদান ৷

Jorhat Former MLA Rana Goswami Visit Akhil Gogoi Home
অখিল মাতৃৰ কাষত ৰাণা গোস্বামী: কলে শীঘ্ৰে মুক্তি পাব অখিলে

টীয়ক, 6 ছেপ্তেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে প্ৰতিবাদ কৰিবলৈ গৈ চৰকাৰী ষড়যন্ত্ৰৰ বলী হৈ চলিত বৰ্ষৰ জানুৱাৰীৰ পৰাই কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ ৷ কৃষক নেতা গৰাকীৰ টীয়কৰ চেলেংহাটস্থিত বাসগৃহত শনিবাৰে উপস্থিত হয় যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ভাৰতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় সম্পাদক ৰাণা গোস্বামী ৷ নেতা গৰাকীয়ে কৃষক নেতা অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নগদ 20 হাজাৰ টকাৰ এক আৰ্থিক সাহাৰ্যও প্ৰদান কৰে ৷

ইফালে, দেশৰ স্বাৰ্থত মাত মাতি প্ৰায় 9 মাহ কাৰাৰুদ্ধ পুত্ৰৰ মাতৃ হিচাপে অতি ধৈৰ্যশীল আৰু এগৰাকী আদৰ্শ মাতৃ হিচাপে অভিহিত কৰি অখিল গগৈৰ মুক্তিৰ ক্ষেত্ৰত আপোচবিহীন সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰিলে কংগ্ৰেছী নেতাগৰাকীয়ে ৷ লগতে, অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদত কৃষক নেতা গৰাকী অতিশীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব বুলিও শান্তনা দিলে প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ অখিল গগৈৰ বাসগৃহৰ পৰাই বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : ৰাজ্যত আহোমক লৈ গঠন হ'ব নতুন ৰাজনৈতিক দল !

Last Updated : Sep 6, 2020, 12:51 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.