ETV Bharat / state

বিদেশী ন্যায়াধীকৰণৰ আদেশ অৱমাননা কৰা শ্বদেশীলৈ গ্ৰেপ্তাৰী পৰোৱানা

author img

By

Published : Mar 13, 2020, 11:28 AM IST

Updated : Mar 13, 2020, 11:35 AM IST

বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশ অৱমাননা। যোৰহাটত স্বদেশী নাগৰিকক সন্দেহজনক নাগৰিকৰ সন্দেহত হাৰাশাস্তিৰ অভিযোগ।

বিদেশী ন্যায়াধীকৰণৰ আদেশ অৱমাননা কৰা শ্বদেশীলৈ গ্ৰেপ্তাৰী পৰোৱানা
বিদেশী ন্যায়াধীকৰণৰ আদেশ অৱমাননা কৰা শ্বদেশীলৈ গ্ৰেপ্তাৰী পৰোৱানা

যোৰহাট, 13 মাৰ্চঃ বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশ অৱমাননা কৰা ফলত এগৰাকী স্বদেশী নাগৰিক গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে যোৰহাটত ৷ অৱশ্যে পিচত বিদেশী ন্যায়াধীকৰণ আদালতৰ পৰা জামিন লবলৈ বাধ্য হোৱা ঘটনা সংঘটিত হৈছে যোৰহাটত । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত মেৰাপানী ফৰেষ্ট ভিলেজৰ অঞ্জলী বৰা নামৰ এগৰাকী মহিলাক অবৈধ নাগৰিকৰ সন্দেহত বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰা জাননীৰ পিচতো আদালতত উপস্থিত নোহোৱাত আদালতৰ নিৰ্দেশক অৱমাননা কৰাৰ অভিযোগত মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । তথ্য অনুসৰি মেৰাপানী ফৰেষ্ট ভিলেজৰ বাসিন্দা পূৰ্ণ বৰা আৰু ৰুণু বৰাৰ কণ্যা অঞ্জলী বৰা মেৰাপানীৰ হীৰালাল পালৰ লগত ২০০২ চনতে বিবাহপাশত আবদ্ধ হৈছিল আৰু পিচৰ বৰাৰ লগতে পাল উপাধি লিখি আহিছিল । ২০১৩ চনত তেওঁ বিদেশী ন্যায়াধীকৰণৰ পৰা জাননী লাভ কৰিছিল আৰু তেতিয়া পৰাই অঞ্জলীয়ে যোৰহাটৰ বিদেশী ন্যায়াধীকৰণ আদালতলৈ অহা যোৱা কৰি আছে । কিছুদিন পূৰ্বে বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰা এখন জাননী মহিলা গৰাকীয়ে লাভ নকৰাৰ বাবে মহিলা গৰাকীলৈ ন্যায়াধীকৰণে

গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। বিদেশী ন্যায়াধীকৰণৰ গ্ৰেপ্তাৰী নিৰ্দেশনাৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বিদেশী ন্যায়াধীকৰণ আদালতলৈ প্ৰেৰণ কৰে । অৱশ্যে পিচত বিদেশী ন্যায়াধীকৰণ আদালতত জামিন পায় মহিলাগৰাকীয়ে।এক কথাত জনগণনাকাৰীয়ে কৰা বিসংগতি আৰু খিলঞ্জীয়া নাগৰিকৰ বিষয়টো তথ্যসহ সঠিক তদন্ত নকৰাৰ বাবে স্বদেশী নাগৰিকে সন্দেহজনক বিদেশী নাগৰিকৰ সন্দেহত হাৰাশাস্তি সন্মুখীন হ'ব লগীয়া হৈছে বুলি অভিযোগ তুলিছে ৷ ই ঘটনাই সমগ্র যোৰহাটৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে চাওকঃ তিনিচুকীয়াত প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ সংবাদমেল

Last Updated : Mar 13, 2020, 11:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.