যোৰহাট, 29 মে' : ক'ভিড প্ৰট'কল পালনৰ ক্ষেত্ৰত ক'ঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যোৰহাট জিলা প্ৰশাসনে ৷ শনিবাৰে সাংবাদিকক সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে যোৰহাট জিলাৰ উপ-আৰক্ষী অধীক্ষক বিভাস দাসে ৷ উল্লেখ্য যে, কাৰ্ফিউ চলি থকা সময়তো যোৰহাট জিলাৰ বিভিন্ন প্ৰান্ত একাংশ লোকে কাৰ্ফিউ ভংগ কৰি ঘূৰি ফুৰা দেখা গৈছিল ৷
"এতিয়াৰ পৰা যিসকলে ক'ভিড প্ৰট'কল অমান্য কৰি তথা কাৰ্ফিউ চলি থকা সময়ত কোনো বিশেষ কাম নোহোৱাকৈ ঘূৰি ফুৰিছিল সেই সকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ তদুপৰি যিসকলে ক'ভিড প্ৰট'কল অমান্য কৰি কাৰ্ফিউ চলি থকা সময়ত সন্ধিয়া প্ৰাতঃ ভ্ৰমণত উলাই আহে সেই সকলে ক্ষেত্ৰটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷" সাংবাদিকৰ আগত এই দৰে কয় উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
মন কৰিবলগীয়া যে, যোৰহাট জিলাত শনিবাৰে কাৰ্ফিউ ভংগ কৰা 6 জন লোকক আটক কৰিছে যোৰহাট আৰক্ষীয়ে ৷ এই 6 গৰাকী লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে উপ-আৰক্ষী অধীক্ষক বিভাস দাসে ৷
লগতে পঢ়ক: খোৱাঙৰ ক'ভিড আক্ৰান্তৰ কাষত লুৰিণজ্যোতি গগৈ