ETV Bharat / state

ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন - ক'ভিড প্ৰট'কল

2 মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাক লৈ সাজু হৈছে যোৰহাট জিলা প্ৰশাসন ৷ জিলাখনত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি মুঠ 51 টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷

ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন
ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন
author img

By

Published : Apr 30, 2021, 6:43 AM IST

Updated : Apr 30, 2021, 9:00 AM IST

যোৰহাট, 30 এপ্ৰিল: আগন্তুক 2 মে'ত অনুষ্ঠিত হ'বলগীয়া ভোট গণনাক লৈ সাজু হৈছে যোৰহাট জিলা প্ৰশাসন ৷ জিলাখনত শান্তিপূৰ্ণভাৱে ভোট গণনা অনুষ্ঠিত কৰাৰ লগতে সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি সকলো যাৱতীয়া কামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ ইতিমধ্যে বৃহস্পতিবাৰে এখন বৈঠক অনুষ্ঠিত কৰি জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত মুঠ 51 টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে ৷

ভোট গণনাৰ বাবে সাজু যোৰহাট জিলা প্ৰশাসন

সেই অনুসৰি, দেৰগাঁৱৰ বাবে 18 টা ৰাউণ্ড, যোৰহাটৰ বাবে 19 টা ৰাউণ্ড আৰু টীয়কৰ বাবে 14টা ৰাউণ্ডত ভোট গণনা অনুষ্ঠিত হ'ব । প্ৰতিটো সমষ্টিৰ বাবে 2 টাকৈ হল, প্ৰত্যেক হলত 7 খনকৈ টেবুলৰ ব্যৱস্থা কৰা হৈছে ৷ লগতে সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত কোনো প্ৰাৰ্থীয়ে বিজয় সমদল আৰু বিজয় প্ৰমাণ পত্ৰ সংগ্ৰহ কৰোতে দুজনতকৈ অধিক লোক লগত আনিব নোৱাৰিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: অসম বিধানসভাৰ নিৰ্বাচন: কাৰ পক্ষত নিৰ্বাচনী সমীক্ষাসমূহ ?

Last Updated : Apr 30, 2021, 9:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.