ETV Bharat / state

যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল

author img

By

Published : May 18, 2020, 3:42 PM IST

সোমবাৰে যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷ উপায়ুক্ত সভা কক্ষত হোৱা সংবাদমেলৰ পিছতে আনুষ্ঠানিকভাৱে শস্যৰ বীজ প্ৰদান কৰে উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীয়ে ৷ ‘ক্ষুদ্ৰ পাচলি বাৰী’ নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে উপায়ুক্তগৰাকীয়ে ৷

যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল
যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল

যোৰহাট, 18 মে’: যোৰহাট জিলা উপায়ুক্তৰ সভাকক্ষত সোমবাৰে উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীয়ে গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰি কৃষকসকলক শস্য উৎপাদনৰ হেতু ‘ক্ষুদ্ৰ পাচলি বাৰী’ নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, এই আঁচনিত কৃষকসকলৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে কিছুমান গুৰুত্বপূৰ্ণ সুবিধা ৷

*সকলো কৃষককে ৮ বিধ বীজ প্ৰদান কৰা হ'ব ৷
*গোটেই যোৰহাট চহৰ আৰু অঞ্চলসমূহৰ বাবে ফলপ্ৰসূ হ'ব এই আঁচনি ৷
*কৃষকে ১,২৩০০০ কুইণ্টল শাক-পাচলি উৎপাদন কৰিব পাৰিব ৷
*১৬ কোটি ৯০ লাখ টকাৰ আয় হ'ব এই আঁচনিৰ জৰিয়তে ৷
*১০০০০ পৰিয়ালক দিয়া হ'ব এই বীজ*
*লাউ, জিকা, ভোলকে আদি কৰি ৮ বিধ বীজ উৎপাদন কৰিব পাৰিব ৷
*পৰিয়ালসমূহক নিৰীক্ষণ কৰাৰ লগতে তদাৰক কৰিব কৃষি বিশ্ববিদ্যালয়ে ৷
*লক ডাউনৰ সময়খিনিৰ বাবে প্ৰস্তুত কৰা হৈছে এই আঁচনি ৷
*নগৰ আৰু কাষৰীয়া অঞ্চলৰ বাবে অতি ফলপ্ৰসু হ'ব এই আঁচনি ৷
*এই কাৰ্যৰ ফলত নৱ প্ৰজন্ম কৃষিৰ প্ৰতি আকৃষ্ট হ'ব ৷
*হাই ব্ৰিড বীজ দিয়া প্ৰদান কৰা হ’ব হিতাধিকাৰীসকলক ৷
*আলফা জিঅ' নামৰ প্ৰতিষ্ঠানটোৱে আঁচনিৰ বাবে দিছে আৰ্থিক সাহাৰ্য ৷

উক্ত সংবাদমেলত ‘ঘৰে ঘৰে অংগনবাড়ী’ নামৰ এক আঁচনিৰ বিষয়েও অৱগত কৰে উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰ বাবে এক পাঠ্যক্রম ইতিমধ্যে তৈয়াৰ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, সংবাদ মেলৰ অন্তত আনুষ্ঠানিকভাৱে শস্যৰ বীজসমূহ কৃষকসকলৰ মাজত বিতৰণ কৰা হয় ৷

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.