ETV Bharat / state

যোৰহাটৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উপায়ুক্তৰ সংবাদমেল

author img

By

Published : Jan 13, 2022, 7:08 PM IST

ক’ভিডক লৈ যোৰহাট জিলা উপায়ুক্তৰ জৰুৰী সংবাদ মেল (Jorhat DC press meet on COVID)। দ্বিতীয় পালি ভেকছিন লোৱা ব্যক্তিয়েহে বজাৰৰ লগতে কাৰ্যালয়লৈ যাব পাৰিব ।

jorhat-dc-press-meet-on-covid-transmission-in-the-district
যোৰহাটৰ শেহতীয়া ক’ভিড পৰিস্থিতিক লৈ উপায়ুক্তৰ সংবাদমেল

যোৰহাট, 13 জানুৱাৰী : ক’ভিডক লৈ যোৰহাট জিলা উপায়ুক্তৰ জৰুৰী সংবাদ মেল (Jorhat DC press meet on COVID) । ক’ভিডৰ দ্বিতীয় পালি ভেকছিন লোৱা ব্যক্তিয়েহে বজাৰৰ লগতে কাৰ্যালয়লৈ যোৱাৰ অনুমতি পাব ৷ টীকাকৰণ নকৰা তথা দ্বিতীয় পালি ভেকছিন নোলোৱা ব্যক্তিয়ে যোৰহাটৰ কোনো অনুষ্ঠান প্ৰতিষ্ঠানত প্ৰৱেশ কৰিব নোৱাৰিব (No entry in public places for unvaccinated people) ।

১৫ তাৰিখৰ ভিতৰত দ্বিতীয় ড’জ লোৱাটো হ’ব বাধ্যতামূলক অন্যথা, জৰিমনা বিহিব জিলা প্ৰশাসনে । চৰকাৰী কৰ্মচাৰীসকলে দ্বিতীয় পালি ভেকছিন লোৱাৰ পিছতহে কাৰ্যালয়লৈ যাব পাৰিব । কিন্তু, দ্বিতীয় পালি ভেকছিন নোলোৱা লোকে কৰ্মস্থলীলৈ যাব নোৱাৰিব । আনহাতে তেওঁৰ ছুটি বুলিও মান্য কৰা নহ’ব ।

উল্লেখযোগ্য যে, সৰ্বাধিক সংক্ৰমণৰ ক্ষেত্ৰত তৃতীয় জিলালৈ পৰিৱৰ্তিত হৈছে যোৰহাট । ইতিমধ্যে জিলা প্ৰশাসনে কন্ট্ৰ’ল ৰুমৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে ।

প্ৰশাসনে ইতিমধ্যে এই সম্পৰ্কীয় যোগাযোগৰ বাবে ০৩৭৬২৩০০০৫৯ আৰু ০৩৭৬২৩০০১২৪ ত ফোন নাম্বাৰো মুকলি কৰিছে ৷ ইয়াৰোপৰি, বিপিএল কাৰ্ড থকা লোকসকলেহে বিনামূলীয়া চিকিৎসা লাভ কৰিব বুলিও জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে । অৱশ্যে, গুৰুতৰ দুৰ্ঘটনাত আহত লোকেও বিনামূলীয়াকৈ ক’ভিডৰ চিকিৎসা পাব । উল্লেখ্য যে, চলিত জানুৱাৰী মাহত এতিয়ালৈকে ৯০৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে জিলাখনত ।

লগতে পঢ়ক : Covid cases increase in Guwahati: ১৫ জানুবাৰীৰ পাছত ক'ভিড পৰিস্থিতিক লৈ কঠোৰ হ'ব গুৱাহাটী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.