ETV Bharat / state

গণ সংক্ৰমণৰ দিশে যোৰহাট

author img

By

Published : Jun 29, 2020, 9:18 AM IST

এটা দিনত দুটাকৈ কন্টেইনমেন্ট জন। চহৰখনৰ সোঁমাজত চেম্বাৰ ৰডত কন্টেইমেন্ট জন ঘোষণা কৰা পাছতো সচেতন নহয় নাগৰিক। মুক্ত ভাৱে চলা ফুৰা কৰিছে বহুলোকে ৷

গণ সংক্ৰমণৰ দিশত যোৰহাট
গণ সংক্ৰমণৰ দিশত যোৰহাট

যোৰহাট, 29 জুনঃ ভয়ানকভাৱে গণ সংক্ৰমণ হ'বলৈ গৈ আছে যোৰহাট চহৰ। ২৮ জুনৰ দিনটোত দুটাকৈ অঞ্চল কন্টেইনমেন্ট জ'ন ঘোষণা কৰা লগতে দিনটোতে ১৮ জন লোকৰ দেহত কৰ'ণা পজিটিজ ধৰা পৰা পাছতো গা-লৰা নাই একাংশ নাগৰিকৰ। যোৰহাটৰ আনন্দ নগৰ আৰু শুৱণিগাঁৱক containment zone ঘোষণা কৰিছিল । চৈধ্য দিনলৈ বন্ধ কৰি দিয়া হৈছে অঞ্চল দুটা।

এটা দিনত দুটাকৈ কন্টেইনমেন্ট জন
ইফালে যোৰহাটৰ ব্যৱসায়িক হাব চেম্বাৰ ৰোড আৰু মাৰোৱাৰী পট্টীকো কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছিল। তিনিজন শ্ৰমিকৰ গাত কৰ'ণা পজিটিভ ওলোৱাৰ পিছত যোৰহাট জিলা প্ৰশাসনে লৈছিল এই সিদ্ধান্ত। যিহেতু শ্ৰমিকৰ দেহত ধৰা পৰিছিল কৰ'ণা । সমগ্র চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও একাংশ নাগৰিকৰ শেহতীয়া কৰ্ম কাণ্ডই গণ সংক্ৰমণ ঘটোৱাটো নিশ্চিত কৰিছে ৷ যিহেতু দুটাকৈ দিন লক ডাউন দিয়াৰ পিছত আজি পুৱাৰ ভাগতে দেখা পোৱা গৈছে দৈনিক বজাৰত ব্যাপক ভিৰ । গণ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ জিলা প্ৰশাসনে দুটাকৈ অঞ্চলৰ লগতে চহৰখনৰ এখন মিঠাই বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠান এভাৰ বেক্ বন্ধ কৰি দিয়াৰ পাছতো এতিয়া যোৰহাটৰ নিউভিল ৰডৰ বজাৰত ব্যাপক ভিৰে যোৰহাট চহৰখনতো গণ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে ৷ যিহেতু দৈনিক পাইকাৰী বজাৰ খনলৈ চহৰখনৰে নহয় জিলা খনৰ বিভিন্ন অঞ্চলৰ ক্ষুদ্র ব্যৱসায়ী সকল আহে বজাৰ খনলৈ।। এতিয়া প্ৰশ্ন হয় জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেইয়া গুৰুত্বপূৰ্ণ হ'ব।

লগতে চাওকঃ অখিল গগৈক মুকলি কৰি দিবলৈ ভাৰত চৰকাৰক ৰাষ্ট্ৰসংঘৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.