ETV Bharat / state

যোৰহাটবাসীৰ বাবে সকাহ: প্ৰথমবাৰলৈ হ্ৰাস ক’ভিড সংক্ৰমণৰ হাৰ - Jorhat lockdown news

যোৰহাটবাসীৰ বাবে অকণমান সকাহ ৷ প্ৰথমবাৰৰ বাবে যোৰহাটৰ সংক্ৰমণৰ হাৰ ১.৮৬ শতাংশলৈ হ্ৰাস পালে ৷ ইয়াৰ পূৰ্বে ২ শতাংশৰ তললৈ অহা নাছিল যোৰহাটৰ ক‘ভিড সংক্ৰমণৰ হাৰ ৷

যোৰহাটত শিথিল লকডাউন: প্ৰথমবাৰলৈ ২ শতাংশলৈ হ্ৰাস পালে ক‘ভিড সংক্ৰমণৰ হাৰ

author img

By

Published : Jul 18, 2021, 10:35 AM IST

Updated : Jul 18, 2021, 1:17 PM IST

যোৰহাট, ১৮ জুলাই : যোৰহাট (Jorhat)জিলাত কিছু শিথিল কৰা হৈছে লক ডাউন (Lockdown) ৷ এতিয়াৰে পৰা পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ খোলা থাকিব গেলামালৰ দোকান ৷ একেদৰে পুৱা ৪ বজাৰ পৰা বিয়লি ৩ বজালৈকে খোলা থাকিব গেলামালৰ পাইকাৰী দোকান ৷ ই কমাৰ্চ (E Commerce)খোলা থাকিব কিন্তু ই কমাৰ্চৰ লগত জড়িত লোকে তিনি দিনৰ মূৰে মূৰে কৰিব লাগিব ক'ভিড টেষ্ট (Covid Test) ৷

অৱশ্যে এই সময়ছোৱাত বন্ধ থাকিব শাক-পাচলি, ফলমূলৰ বজাৰ ৷ তদুপৰি ৰাষ্টাৰ কাষত বিক্ৰী কৰিব নোৱাৰিব শাক-পাচলি, ফলমূল ৷ ৰেষ্টুৰা, হোটেল, ধাবা আদি বন্ধ থাকিব ৷

যোৰহাটত শিথিল লকডাউন: প্ৰথমবাৰলৈ ২ শতাংশলৈ হ্ৰাস পালে ক‘ভিড সংক্ৰমণৰ হাৰ

ক'ল্ড ষ্টোৰেজ (Cold Storage) ১ বজালৈকে খুলিব পাৰিব ৷ অৱশ্যে জিলাখনত ২৪ ঘন্টাই বাহাল থাকিব সান্ধ্য আইন (Curfew) ৷ যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে (Jorhat Deputy Commissioner Ashok Kumar Barman)শনিবাৰে জানিবলৈ দিয়ে এই কথা ৷

যোৰহাট জিলা উপায়ুক্ত (Jorhat Deputy Commissioner)গৰাকীয়ে সদৰি কৰা অনুসৰি, যোৰহাটত প্ৰথমবাৰৰ বাবে সংক্ৰমণৰ হাৰ ১.৮৬ শতাংশলৈ হ্ৰাস পাইছে ৷ ইয়াৰ পূৰ্বে যোৰহাটত ২ শতাংশৰ তললৈ কেতিয়াও অহা নাছিল ক‘ভিড সংক্ৰমণ (Covid 19)ৰ হাৰ ৷ সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰিছে লক ডাউন শিথিলৰ সিদ্ধান্ত ৷

উল্লেখ্য যে, যোৰহাটত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে যোৰহাট জিলা প্ৰশাসনে (Jorhat Administration) লক ডাউন (Lockdown) অব্যাহত ৰখাৰ উপৰিও কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ক’ভিড সংক্ৰমণ ৰোধৰ বাবে জিলাখনত অৰ্ধ সামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ (Flag March) কৰা হৈছিল ৷

লগতে পঢ়ক : ৰঙিয়াত আন্তঃজিলা যাতায়ত বন্ধৰ নামত ভেঁকোভাওনা

Last Updated : Jul 18, 2021, 1:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.