ETV Bharat / state

পদপথত গীত গোৱা পংকজৰ কাষত যোৰহাটৰ সাংস্কৃতিক মঞ্চ

author img

By

Published : Jun 26, 2021, 9:43 PM IST

পদপথত গীত গাই ঘৰ চলোৱা পংকজৰ কাষত যোৰহাট সাংস্কৃতিক মঞ্চ । ক’ভিড কালত আৰ্থিক সাহায্য প্ৰদান পদপথৰ শিল্পীগৰাকীক । যোৰহাট সাংস্কৃতিক মঞ্চৰ প্ৰসেনজিৎ লাহন আৰু জেতবন বৰুৱাৰ নেতৃত্বত অহা সঁজাতি দলে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে ।

jorhat-artist-forum-spread-helping-hand-to-pankaj-das
পদপথত গীতত গোৱা পংকজৰ কাষত যোৰহাটৰ সাংস্কৃতিক মঞ্চ

যোৰহাট, 26 জুন : গীতবোৰত প্ৰাণ পাই উঠে নৱতম সৃষ্টি ৷ এটা সুৰে আউসীৰ এন্ধাৰকো নেওচি জীপাল কৰে প্ৰতিটো প্ৰভাতী ৷ সঁচাকৈ গীত, নৃত্য়, নাটক ইত্যাদি শিল্পবোৰে মানুহৰ জীৱনলৈ কঢ়িয়াই আনে অনাবিল আনন্দ ৷ এই গীতৰ সুৰেৰে যোৰহাটবাসীক মুগ্ধ কৰি আহিছে এগৰাকী পদপথৰ শিল্পীয়ে ৷

যোৰহাটৰ এগৰাকী পদপথত গীত গোৱা শিল্পী ৷ নাম পংকজ দাস ৷ পদপথত গীত গাই নিজ ঘৰখন চলাই গৈছে পংকজে ৷ ক’ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এই ব্য়ক্তিজনৰ কাষত উপস্থিত হৈছে যোৰহাট সাংস্কৃতিক মঞ্চ ।

ক’ভিড কালত আৰ্থিক সাহায্য প্ৰদান কৰে পদপথৰ শিল্পী গৰাকীক । যোৰহাট নগৰৰ পদপথৰ গায়ক হিচাপে খ্যাত এইজন পংকজ দাস । বৰভেটি মালৌ গাঁৱৰ পংকজে প্ৰতিদিনে মাতৃৰ সৈতে নগৰলৈ আহি পদপথৰ কাষত বহি গীত পৰিৱেশন কৰি সৰু ঘৰখন পোহপাল দি আহিছে ।

কিন্তু ক’ভিডৰ সময়ত পূৰ্বৰ সেই ভাল দিনবোৰ উকলিল । দৈনিক কিছু অৰ্থ সংগ্ৰহ কৰি ঘৰ চলোৱাৰ পৰিস্থিতি আহিছে । শনিবাৰে যোৰহাট সাংস্কৃতিক মঞ্চৰ প্ৰসেনজিৎ লাহন আৰু জেতবন বৰুৱাৰ নেতৃত্বত অহা সঁজাতি দলে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে । ক’ভিডৰ বাবে এতিয়া সমাজৰ একাংশ সাধাৰণ লোকৰ জীৱন নিৰ্বাহ ক্ৰমাৎ জটিল হৈ পৰিছে ।

তেনে সময়তে যোৰহাট সাংস্কৃতিক মঞ্চৰ এই আৰ্থিক সাহায্যই পংকজক কিছু সকাহ দিব । ক’ভিডৰ বাবে এতিয়া সমাজৰ একাংশ সাধাৰণ লোকৰ জীৱন নিৰ্বাহ ক্ৰমাৎ জটিল হৈ পৰিছে । তেনে সময়ত যোৰহাট সাংস্কৃতিক মঞ্চৰ এই আৰ্থিক সাহায্য়ই পংকজক কিছু সকাহ দিব । ক’ভিডৰ সংক্ৰমণৰ সময়ত ৰাজ্যত বিভিন্ন ধৰণৰ ভয়াৱহ পৰিস্থিতিয়ে দেখা দিছে ৷

এই সময়ছোৱাত বিশেষকৈ খাটি খোৱা লোকসকলৰ বাবে বিপদ কঢ়িয়াই আনিছে ৷ শনিবাৰে যোৰহাট সাংস্কৃতিক মঞ্চই পংকজ দাস নামৰ এই পদপথৰ গায়কজনক সাহায্য় প্ৰদান কৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে এই খাটি খোৱা মানুহখিনিৰ বাবে বিভিন্নজন ওলাই আহি সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ভ্ৰাম্যমাণ থিয়েটাৰক লৈ আশাবাদী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.