যোৰহাট, 5 অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে যৌথভাবে যোৰহাটৰ বৰুৱা চাৰি আলিত বিশাল মানৱ শৃংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা, অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা, বাঘজানৰ ক্ষতিগ্ৰস্ত লোকক সাৰ্হায্য প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানৰে প্ৰতিবাদকাৰী সকলে সমগ্র পৰিৱেশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংকৰ নাথ উপস্থিত হৈ বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।
![jorhat-aasu-protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-5sep-assu-protest-aginest-caa-vis-byte-7203853_05102020131719_0510f_00896_26.jpg)
যদি এই জাতিধ্বংসী আইন বাতিল নকৰে তেনেহলে অনাগত সময়ত ৩০ জনগোষ্ঠীয় সংগঠনৰ সহযোগত সমগ্ৰ ৰাজ্যজুৰি জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আছুৰ সভাপতি গৰাকীয়ে ।
লগতে পঢ়ক: পুনৰ পিছুৱালে ড. দেৱেন দত্তৰ হত্যাকাণ্ডৰ ৰায়দান