যোৰহাট,7 জুন : চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত মেক্সিকোলৈ যাব ‘অৰণ্য মানৱ’ খ্যাত প্ৰকৃতিপ্ৰেমী যাদৱ পায়েং ৷ জানিব পৰা মতে, মেক্সিকোত 8 লাখ হেক্টৰ ভূমিত গছপুলি ৰোপণ কৰিব পদ্মশ্ৰী যাদৱ পায়েঙে ৷ প্ৰকৃতি ৰক্ষাৰ লগতে জীৱ-জন্তু, চৰাই-চিৰিকটিক আশ্ৰয়স্থল প্ৰদান কৰি বিশ্ব জয় কৰিবলৈ সক্ষম হোৱা আৰু বিশ্বৰ বহু দেশলৈ নিমন্ত্ৰণ লাভ কৰা প্ৰকৃতিপ্ৰেমীগৰাকীক এইবাৰ এক বিশেষ সন্মান প্ৰদান কৰিছে মেক্সিকো চৰকাৰে । পদ্মশ্ৰী তথা অৰণ্য মানৱ যাদৱ পায়েঙৰ প্ৰকৃতিৰ প্ৰতি উৎসৰ্গিত মনোভাৱ দেখি মেক্সিকো চৰকাৰে তেওঁৰ সৈতে এক বিশেষ চুক্তি ৰূপায়ণ কৰে । বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত যাদৱ পায়েঙৰ লগত কৰা হৈছিল এই চুক্তি । এই চুক্তি অনুসৰি অৰণ্য মানৱ যাদৱ পায়েঙে দেশখনত ৰোপণ কৰিব গছপুলি ।
![jadav payeng will go to mexico](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-7jun-great-respect-to-forest-man-image-as10039_07062021193619_0706f_1623074779_1006.jpg)
উল্লেখ্য যে, ইতিমধ্যে মেক্সিকো চৰকাৰে এই গছপুলি ৰোপণৰ বাবে দেশখনত ক্ৰয় কৰিছে 8 লাখ হেক্টৰ ভূমি । আনহাতে এই মহান কাৰ্য সম্পন্ন কৰাৰ ক্ষেত্ৰত দহ বছৰৰ বাবে যাদৱ পায়েঙৰ সৈতে চুক্তি কৰাৰ লগতে তেওঁক ভিছা প্ৰদান কৰিছে মেক্সিকো চৰকাৰে । এই দহ বছৰত প্ৰতি বছৰে তিনিমাহ দিন ধৰি মেক্সিকোত থাকিব যাদৱ পায়েঙ ৷
![jadav payeng will go to mexico](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-7jun-great-respect-to-forest-man-image-as10039_07062021193619_0706f_1623074779_52.jpg)
ইয়াৰোপৰি এই তিনিমাহত তেওঁ প্ৰতিদিনেই দেশখনৰ এক লাখ ছাত্ৰ-ছাত্ৰীক দিব গছপুলি ৰোপণৰ প্ৰশিক্ষণ । অসমৰ পৰা তামোল আৰু নাৰিকলৰ পুলি মেক্সিকোলৈ লৈ গৈ পৰীক্ষণমূলকভাৱে ৰোপণ কৰিব অৰণ্য মানৱগৰাকীয়ে । সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এখন অৰণ্য ভূমি স্থাপন কৰি বিশ্ববাসীৰ সন্মুখত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে যোৰহাট তথা সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনা অৰণ্য মানৱ যাদৱ পায়েঙে আন এক গৌৰৱৰ অধিকাৰী হোৱাৰ দিশে আগবাঢ়িছে ৷ ওৰেটো জীৱন প্ৰকৃতিৰ সুৰক্ষাৰ বাবে উৎসৰ্গা কৰা যোৰহাটৰ ব্ৰহ্মপুত্ৰৰ বাসিন্দা যাদৱ পায়েঙে নিজা প্ৰচেষ্টাৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত এখন অটব্য অৰণ্য গঢ়ি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়ক : আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস