ETV Bharat / state

Solid waste issue: মৰিয়নিৰ জনবসতি পূৰ্ণ এলেকাত আৱৰ্জনা নিক্ষেপ - Irresponsible activities of Mariani municipality

মৰিয়নি পৌৰসভাৰ দায়িত্বজ্ঞানহীন কাণ্ড ৷ জনবসতি পূৰ্ণ এলেকাত আৱৰ্জনা নিক্ষেপ পৌৰসভাৰ কৰ্মীৰ(Irresponsible activities of Mariani municipality) ৷

classless-work-of-mariyani-municipalty-board
মৰিয়নিত জাৱৰে দিছে নৰক যন্ত্ৰনা !
author img

By

Published : Feb 12, 2022, 8:26 PM IST

যোৰহাট, 12 ফেব্ৰুৱাৰী : মৰিয়নিত পৌৰসভাই ৰাইজক দিছে নৰক যন্ত্ৰণা ৷ পৌৰসভাৰ দায়িত্বজ্ঞানহীণ কৰ্ম কাণ্ডত এতিয়া অতিস্থ মৰিয়নিবাসী ৰাইজ(Irresponsible activities of Mariani municipality) ৷ য'তে ত'তে পেলোৱা জাবৰৰ ফলত এতিয়া ৰুমাল লৈ ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ বাধ্য হৈছে স্থানীয় ৰাইজ ৷ মুঠৰ ওপৰত এক দুৰ্গন্ধময় পৰিবেশৰ আঁৰত পৌৰ সভাৰ কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ এই লৈ বাৰম্বাৰ অনুৰোধ জনোৱা স্বত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মৰিয়নীবাসী ৰাইজে ৷

উল্লেখ্য যে, মৰিয়নিৰ পৌৰসভাৰ অধীনত থকা ১ নং ৱাৰ্ডৰ জনবসতিপূৰ্ণ এলেকাত আৱৰ্জনা নিক্ষেপ কৰা ফলত স্থানীয় লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নগৰখনৰ ১ নম্বৰ ৱাৰ্ডৰ কেনেডী পাৰ্ক অঞ্চলৰ ভোগদৈ নদীৰ পাৰৰ জনবসতিপূৰ্ণ এলেকাত দীৰ্ঘদিনৰ পৰা পৌৰসভাৰ কৰ্মীয়ে মুকলিকৈ জাৱৰ পেলাই অহাত সমগ্ৰ অঞ্চলটো এক দুৰ্গন্ধময় প্ৰদূষিত অঞ্চললৈ পৰ্যবেশিত হৈছে ।

উল্লেখ্য যে, পৌৰসভাৰ আৱৰ্জনা নিক্ষেপৰ বাবে কেনেডী পাৰ্ক অঞ্চলত এটা ডাম্পিং গ্ৰাউণ্ড আছে । কিন্তু মৰিয়নি পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাৰ বাবে সমগ্ৰ এলেকাটোৰ মুকলি ঠাইত জধে মধে জাৱৰ পেলোৱাত অঞ্চলটোৰ পৰিবেশত প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে । পৌৰসভাখনে জাৱৰ-জোথৰ ভোগদৈ নৈৰ কাষতে পেলোৱাৰ ফলত নদীখনো ব্যাপক ৰূপত প্ৰদূষিত হ'বলৈ ধৰিছে ৷

স্থানীয় অঞ্চলবাসীৰ অধিকাংশই নিত্য নৈমিত্তিক কৰ্মৰ বাবে ভোগদৈৰ প্ৰদূষিত পানীকে ব্যৱহাৰ কৰাৰ ফলত চৰ্মৰ ৰোগৰ লগতে অচিন ৰোগতো ভোগা দেখা গৈছে । পৌৰসভাখনৰ এনে দায়িত্বজ্ঞানহীণ কৰ্মৰ বাবে গেলা-পচা আৱৰ্জনা আৰু দুৰ্গন্ধৰ মাজত দিন কটাবলৈ বাধ্য হৈছে ১ নং ৱাৰ্ডৰ কেনেডি পাৰ্কবাসী ।

বৰ্তমান স্থানীয় ৰাইজে অঞ্চলটোত জাৱৰ নেপেলাবলৈ পৌৰসভাৰ কৰ্মচাৰীক অনুৰোধ কৰিলে দুব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰে অঞ্চটোৰ স্থানীয় ৰাইজে । আনহাতে পৌৰসভাখনৰ এনে কৰ্মকাণ্ডৰ উচিত প্ৰত্যুত্তৰ আগন্তুক পৌৰসভাৰ নিৰ্বাচনত দিয়া হ'ব বুলি স্থানীয় লোকসকলে ক্ষোভেৰে ব্যক্ত কৰে ।

লগতে পঢ়ক : হঠাৎ কাৰ ওপৰত খং উঠিল মন্ত্ৰী বিমল বৰাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.