টীয়ক, 31 ডিচেম্বৰ : নাগালেণ্ডৰ ওটিং বস্তিৰ ঘটনা(Nagaland Army Ambush incident)ৰ তদন্তক লৈ শুকুৰবাৰে যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান (Rain Forest Research Institute Jorhat)ত উপস্থিত হয় নগালেণ্ড চৰকাৰে গঠন কৰি দিয়া ২২ জনীয়া বিশেষ তদন্তকাৰী দল । প্ৰতিষ্ঠানটোৰ অতিথিশালাত উক্ত ঘটনাৰে জড়িত ২১ পেৰা কামাণ্ডোৰ জোৱানক সোধাপোচা কৰিব বুলি জানিব পৰা গৈছে ।
সেই উদ্দেশ্যে বৃহস্পতিবাৰৰ নিশাৰে পৰা প্ৰতিষ্ঠানটোৰ চৌহদত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । আনকি সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে প্ৰতিষ্ঠানটোৰ চৌহদত । বুধবাৰে গৃহ মন্ত্ৰণালয়ৰ তত্বাৱধানত ভাৰতীয় সেনাৰ এটি উচ্চ পদস্থ বিষয়াৰ দলে ওটিং বস্তি পৰিভ্ৰমণ কৰি টিজিত জিলাত এক বৈঠক অনুষ্ঠিত কৰিছিল ।
উক্ত বৈঠকতেই নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিও ৰিঅ'ই গঠন কৰি দিয়া ৫ জনীয়া বিশেষ তদন্তকাৰী সমিতিখন ২২ জনীয়ালৈ সম্প্ৰসাৰিত কৰে আৰু ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাবলৈ উক্ত তদন্তকাৰী দলক কৰ্তৃত্ব প্ৰদান কৰে । সমিতিখন গঠনৰ পাছতেই আজি যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত উক্ত তদন্তকাৰী দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ত ঘটনাৰে জড়িত থকাৰ অভিযোগ থকা ২১ পেৰা কামাণ্ডোৰ জোৱানক সোধাপোচা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Encounter in Lakhimpur : বান্দৰদোৱা আৰক্ষীৰ গুলীত আহত ২ ড্ৰাগছ সৰবৰাহকাৰী