যোৰহাট, 20 জুনঃ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্থ হোৱা বায়ুসেনাৰ AN 32 বিমানৰ তেৰগৰাকী বায়ুসেনাৰ নশ্বৰদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে সেনাৰ অভিযানকাৰী দলে ৷ দেশৰ বাবে সকলো ত্যাগ কৰা বায়ুসৈনিক কেইজনৰ নশ্বৰ দেহৰ ডিএনএ টেষ্ট ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত বায়ুসেনাৰ চিকিৎসালয়ত সম্পন্ন কৰা হ'ব ৷ ডিএনএ টেষ্ট সম্পন্ন হোৱাৰ পিচতেই বাৰগৰাকী বায়ুসৈনিকৰ নশ্বৰ দেহ নিজ নিজ জন্মস্থানলৈ প্ৰেৰণ কৰা হ'ব যদিও উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য সম্পন্ন হ'ব অসমৰ যোৰহাট জিলাৰ গড়মূৰ ৰাজহুৱা শ্মশানত ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন......
যোৰহাটৰ গড়মূৰত সম্পন্ন হ'ব উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য - শেষকৃত্য
বিগত 3 জুনত অৰুণাচলৰ মেচুকালৈ বুলি যাত্ৰা কৰা ভাৰতীয় বায়ুসেনাৰ বিমানখনৰ ধ্বংসাৱশেষস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে তেৰগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷ ডিব্ৰুগড়ৰ মোহনবাৰীত বায়ুসেনাই শ্বহীদ বায়ুসৈনিককেইজনৰ ডিএনএ টেষ্ট কৰি ৰৰৈয়ালৈ লৈ আনিব আৰু তাৰ পৰাই নিজ নিজ গৃহলৈ প্ৰেৰণ কৰিব নশ্বৰ দেহ ৷ ইয়াৰে উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য অসমতে সম্পন্ন কৰা হ'ব বুলি জনাইছে ভাৰতীয় বায়ুসেনাই ৷
যোৰহাট, 20 জুনঃ অৰুণাচলত দুৰ্ঘটনাগ্ৰস্থ হোৱা বায়ুসেনাৰ AN 32 বিমানৰ তেৰগৰাকী বায়ুসেনাৰ নশ্বৰদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে সেনাৰ অভিযানকাৰী দলে ৷ দেশৰ বাবে সকলো ত্যাগ কৰা বায়ুসৈনিক কেইজনৰ নশ্বৰ দেহৰ ডিএনএ টেষ্ট ডিব্ৰুগড়ৰ মোহনবাৰীস্থিত বায়ুসেনাৰ চিকিৎসালয়ত সম্পন্ন কৰা হ'ব ৷ ডিএনএ টেষ্ট সম্পন্ন হোৱাৰ পিচতেই বাৰগৰাকী বায়ুসৈনিকৰ নশ্বৰ দেহ নিজ নিজ জন্মস্থানলৈ প্ৰেৰণ কৰা হ'ব যদিও উইং কামাণ্ডাৰ গণ্টম মহেন্দ্ৰ চাৰ্লছৰ শেষকৃত্য সম্পন্ন হ'ব অসমৰ যোৰহাট জিলাৰ গড়মূৰ ৰাজহুৱা শ্মশানত ৷ এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন......
যোৱা ৩ জুন তাৰিখত যোৰহাটৰ ৰৰৈয়া বায়ু সেনা বিমানবন্দৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকালৈ ৰাওনা হোৱা AN-32 দুৰ্ঘটনাগস্ত হোৱা বিমান খনৰ ১৩ জনকৈ সেনাৰ মৃত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় বায়ু সেনা।ইতিমধ্যে ডিব্ৰুগড়ৰ মোহনবাৰীত DNA test সম্পন্ন কৰাৰ শেষত ৰৰৈয়ালৈ অনা হব। ১২ জন সেনা জোৱানৰ দেহ নিজ নিজ ঘৰলৈ পঠোৱা হব,কিন্তু ইয়াৰ ভিতৰত wing commander গণটম মহেন্দ্ৰ চালৰ্ছৰ শেষ কৃত সম্পন্ন কৰা হব যোৰহাটৰ গড়মূৰস্হীত শ্মশানত।ইতিমধ্যে শ্মশানৰ পৰিচলনা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে শ্মশানত।কোনো ধৰনৰ হেমাহি কৰা নাই শ্মশান খন পৰিষ্কাৰ পৰিছন্ন কৰাত।২১ জনুৰ পূৱা ৭:৩০ বজাত শেষ কৃত সম্পন্ন কৰা হব বুলি জানিব দিছে ৰৰৈয়া বায়ু সেনা বিভাগৰ পৰা।