ETV Bharat / state

পেট্ৰ’পণ্যৰ মূল্য বৃদ্ধিয়ে বিধি পথালি দিছে কৃষি কৰ্মত - Impact of price rise

পেট্ৰ’ল-ডিজেলৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাজ্যৰ খেতিয়ক সকলক ৷ এতিয়া টেক্টৰে খেতিৰ মাটি চহাবলৈ হ'লে খচৰ হয় প্ৰায় 600 টকাৰ পৰা 800 টকা ৷

Impact of price rise on state farmers
ৰাজ্যৰ খেতিয়কৰ ওপৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ
author img

By

Published : Jul 23, 2021, 6:20 PM IST

টীয়ক, 22 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে বেয়াকৈ প্ৰভাৱিত কৰিছে দেশৰ জনসাধাৰণক ৷ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ অন্যান্য ক্ষেত্ৰৰ লগতে কৃষি ক্ষেত্ৰতো ব্যাপক ৰূপত পৰা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে খেতি নকৰো বুলি ক'বলৈ বাধ্য হৈছে ৰাজ্যৰ খেতিয়ক সকল ৷

ৰাজ্যৰ খেতিয়কৰ ওপৰত মূল্যবৃদ্ধিৰ প্ৰভাৱ

কিয়নো, ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে খেতিয়ক সকলে টেক্টৰ খেতিপথাৰত নমাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে ৷ যোৰহাট জিলাৰ টীয়ক অঞ্চলৰ একাংশ খেতিয়কে অভিযোগ কৰা মতে, এবিঘা খেতি ভূমি টেক্টৰেৰে চহাবলৈ হ'লে এতিয়া ৬০০ টকাৰ পৰা ৮০০ টকা খৰচ হয় ৷ যিটোৱে কৃষকৰ উৎপাদন মূল্য অধিক বঢ়াই তুলিছে ৷

অৰ্থনৈতিকভাৱেও টনকিয়াল নহয় ৰাজ্যৰ খেতিয়ক সকল ৷ যাৰ বাবে ট্ৰেক্টৰেৰে কৃষি ভূমি চহাই খেতি কৰিবলৈ বৃহৎ অসুবিধাৰ সন্মুখীন হৈছে খেতিয়ক সকল ৷ চৰকাৰে কৃষকৰ সুবিধাৰ্থে ট্ৰেক্টৰ সুলভ মূল্যত যোগান ধৰিছে যদিও বৰ্তমানৰ মূল্যবৃদ্ধিৰ বাবে ট্ৰেক্টৰে খেতি কৰি বৃহৎ লোকচানৰহে সন্মুখীন হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে টীয়কৰ একাংশ কৃষকে ৷

ইফালে, অসম চৰকাৰে মতা গৰু জন্ম নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই গৰুৰে হাল বাই কৃষি কৰ্ম কৰা খেতিয়ক সকলক গভীৰ চিন্তাত পেলাইছে ৷ যোৰহাট জিলাৰ টীয়ক অঞ্চলৰ একাংশ খেতিয়কৰ মতে গৰুৰে হাল বাই যিসকল কৃষকে কৃষি কৰ্ম কৰি আহিছে সেই সকল কৃষকে যে বহু সমস্যাৰ সন্মুখীন হ'ব সেয়া স্পষ্ট ৷ কিয়নো অৰ্থ অভাৱৰ বাবে টেক্টৰেৰে হাল বাই খেতি কৰাতো সেই সকল কৃষকৰ বাবে সম্ভৱ নহয় ৷

লগতে পঢ়ক: Pegasus কাণ্ড : তালিকাত সমুজ্জ্বল ভট্টাচাৰ্য আৰু অনুপ চেতিয়াৰ নাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.