যোৰহাট,23 ডিচেম্বৰ: যোৰহাটৰ এলাহাবাদ বেংকত বুধবাৰে পুৱা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি । চহৰখনৰ ঢেকৰগঢ়াস্থিত বেংকটোৰ শাখা কাৰ্যালয়ত বেংক কৰ্মচাৰীসকল পলমকৈ উপস্থিত হোৱাক কেন্দ্ৰ কৰি গ্ৰাহকসকলে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতিৰ ।
উল্লেখ্য যে, বেংক সম্বন্ধীয় বিভিন্ন কামৰ বাবে গ্ৰাহকসকলে প্ৰতিদিনে পুৱাৰ পৰাই বেংকৰ সন্মুখত শাৰী পাতে যদিও বেংক কৰ্মচাৰীসকল নিৰ্ধাৰিত সময়তকৈ প্ৰায়ে পলমকৈ উপস্থিত হয় কাৰ্যালয়ত ৷ যাৰ পৰিপ্ৰেক্ষিতত অতীষ্ঠ ৰাইজে বুধবাৰে পুৱা ক্ষোভ উজাৰে বেংক কৰ্মচাৰীসকলৰ বিৰুদ্ধে ৷