ETV Bharat / state

নৱবৰ্ষৰ প্ৰথমটো দিনত আৰ্তজনক সহায়ৰ হাত যোৰহাটৰ এটা পৰিয়ালৰ

নৱবৰ্ষৰ প্ৰথমটো দিনতে মানৱতাৰ প্ৰমূল্যৰে প্ৰভাৱিত এটা পৰিয়াল। শীতৰ সেমেকা দিনত আৰ্তজনক একোখনকৈ উষ্ম বস্ত্ৰ প্ৰদান কৰে পৰিয়ালটোৱে ।

author img

By

Published : Jan 1, 2021, 9:39 PM IST

humanity-work-by-family
নৱবৰ্ষৰ প্ৰথমটো দিনত আৰ্তজনক সহায়ৰ হাত যোৰহাটৰ এটা পৰিয়ালৰ

যোৰহাট, 1 জানুৱাৰী : নৱবৰ্ষৰ প্ৰথমটো দিনতে মানৱতাৰ প্ৰমূল্যৰে প্ৰভাৱিত এটা পৰিয়ালে শীতৰ সেমেকা দিনত আৰ্তজনক একোখন উষ্ম বস্ত্ৰ প্ৰদান কৰে । ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই কোনো বনভোজস্থলীত গৈ বনভোজ খোৱাৰ পৰিৱৰ্তে পদপথত দিন কটোৱা লোকসকলৰ মাজত উপস্থিত হয় ধ্ৰুৱ শেখৰ বৰা আৰু তেওঁৰ দুই কন্যা ।

পৰিয়ালটোৱে নতুন বছৰৰ উপহাৰ হিচাপে আৰ্তজনক প্ৰদান কৰিলে একোখনকৈ কম্বল আৰু কিছু পৰিমাণৰ খাদ্য সামগ্ৰী । পদপথত দিন কটোৱা লোক সকলে যাতে হাড় কঁপোৱা জাৰৰ পৰা নিজকে অকণমান হ'লেও ৰক্ষা কৰিব পাৰে তাৰ বাবে পিতৃ-কন্যাই ল'লে এনে পদক্ষেপ ।

লগতে পঢ়ক : ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.