যোৰহাট, 7 মাৰ্চ: সোমবাৰৰ পৰা যোৰহাটত গৃহৰক্ষী জোৱানে পালন কৰিছে কৰ্মবিৰতি (Strike of home guards in Jorhat)৷ তেওলোকৰ দাবী নামানিলে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি ৰূপায়ন কৰাৰ হুংকাৰ দিয়ে গৃহৰক্ষী জোৱানসকলে ।
সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ যোৰহাট জিলা সমিতিয়ে পালন কৰিছে অসহযোগ কৰ্মবিৰতি । সোমবাৰে পুৱা 6 বজাৰ পৰা গৃহৰক্ষী বাহিনীৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী । অসমৰ জোৱানসকলৰ চাকৰি নিয়মীয়াকৰন কৰাৰ ব্যৱস্থা কৰা, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সমান কামৰ সমান দৰমহা ৰাজ্য চৰকাৰে গৃহৰক্ষী কৰ্মসকলক তৎকালীনভাৱে আদায় দিয়া, গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত অনলাইন Deployment system অতি সোনকালে বন্ধ কৰা আদি কেইবাটাও দাবীৰে ৰূপায়ন কৰে এই ধৰ্মঘট কাৰ্যসূচী ।
উল্লেখ্য যে, গৃহৰক্ষী যোৱানসকল এই অসহযোগ কৰ্মবিৰতি কার্যসূচী অনিৰ্দিষ্ট কাললৈ ৰূপায়ন কৰি যাব বুলি প্ৰতিবাদকাৰী জোৱানসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়ক: Assam Cabinet Decision: এতিয়াৰে পৰা অসমত নাথাকিব ‘ৰাজহ নগৰ‘