ETV Bharat / state

তৰুণ গগৈক তুলাধুনা দি তিতাবৰত হিমন্তৰ ৰণডংকা - তৰুণ গগৈ

হঠাৎ তিতাবৰৰ ৰাজনীতিত প্ৰহেলিকাৰ সৃষ্টি কৰি মঙলবাৰে বিজেপিয়ে তিতাবৰৰ ৰাজনীতিত কংগ্ৰেছ দলৰ বাবে গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰি চলালে নিৰ্বাচনী প্ৰচাৰ । ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰত আজি অসম চৰকাৰৰ বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক তুলাধুনা দিয়ে ।

তৰুণ গগৈক তুলাধুনা দি তিতাবৰত হিমন্তৰ ৰণডংকা
author img

By

Published : Apr 2, 2019, 11:31 PM IST

তিতাবৰ, 2 এপ্ৰিল : তিতাবৰৰ বৰহোলা বাগিছা খেলপথাৰত মঙলবাৰে বিজেপি দলে আয়োজন কৰা বিশাল নিৰ্বাচনী সভাত মন্ত্ৰীগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী সভাত ভাষণ দি ৰাইজক উদ্দেশ্যি কয় যে, "তিতাবৰৰ বাবে আটাইটতকৈ দূৰ্ভাগ্যৰ কথাতো হ'ল তিতাবৰে যোৱা ১৫ বছৰত কেৱল এগৰাকী কথাচহকী নিষ্কৰ্মা মুখ্যমন্ত্ৰী পোৱাৰ বাদে অন্য কোনো কামতে লাভান্বিত নহ'ল তিতাবৰবাসী । ১৫ বছৰে মুখ্যমন্ত্ৰী আসনত থাকি তিতাবৰক দেশৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিৰূপে গঢ়ি তুলিব পাৰিলেহেতেন কিন্তু অসমৰ মহিলাসকলক মুলাগাভৰু আৰু কনকলতাৰ লগত তুলনা কৰিয়েই নিজৰ দ্বায়িত্ব সামৰিলে বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।

তিতাবৰত হিমন্তৰ ৰণডংকা

১৫ বছৰত তৰুণ গগৈয়ে তিতাবৰৰ শিক্ষিত নিবনুৱা সকলৰ বাবে কোনো কৰ্মসংস্থাপনৰ পৰিৱেশ সৃষ্টি কৰিব নোৱাৰিলে । মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত তৰুণ গগৈৰ হাতত যথেষ্ট সম্পদ থকাৰ পাচতো তৰুণ গগৈয়ে তিতাবৰত এখন উন্নতমানৰ শিক্ষানুষ্ঠান যেনে ইঞ্জিনিয়াৰিঙ কলেজ, এখন বিশ্ববিদ্যালয়ৰ পৰিকল্পনা কৰিব নোৱাৰিলে । কিন্তু বিগত ১৫ বছৰত জালুকবাৰী সমষ্টি বহুদূৰ আগুৱাই গ'ল, আঢ়ৈটা বছৰত অসমৰ চাবুৱা আৰু লক্ষীমপুৰ বহুদূৰ আগুৱাই গ'ল । কিন্তু তিতাবৰত সেই পৰিৱৰ্তনৰ এক শতাংশও চকুত নপৰিল ।

কেৱল ইমানেই নহয়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ লগতে কয় যে, "আজি বিজেপিৰ উন্নয়নৰ কথা কলে তৰুণ গগৈয়ে আকৌ তুচ্ছ তাচ্ছিল্য কৰে । শেহতীয়াকৈ তৰুণ গগৈয়ে এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ পুত্ৰক কলিয়াবৰৰ পৰা জয়ী কৰোৱাৰ স্বাৰ্থত বদৰুদ্দিন আজমলৰ লগত বুজাবুজি কৰিলে ।" প্ৰায় ছয় সহস্ৰাধিক লোকৰ সমাবেশ হোৱা বিজেপিৰ সভাখনত মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰি তিতাবৰৰ ৰাইজক মাত্ৰ 5 টা বছৰৰ বাবে বিজেপি দলক ক্ষমতাত অধিস্থিত কৰিবলৈ আহ্বান জনায় ।

"বিজেপি চৰকাৰে তৰুণ গগৈৰ দৰে সূতা কম্বলৰ ৰাজনীতি নকৰে বিজেপিয়ে সূতা কম্বলৰ ৰাজনীতিৰ পৰা বিয়া দিবলগীয়া ছোৱালীক সোণ উপহাৰ দিয়ালৈকে ৰাজনীতি আৰম্ভ কৰিছে ।" কংগ্ৰেছ দলটোক কঠোৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, "অসম কংগ্ৰেছৰ ৰাজীৱ ভৱনটোত নিৰ্বাচনৰ পাছত কোনে কোনবিধৰ মাংস খাব বুলি সোধা এটা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব ।" তিতাবৰৰ ৰাইজৰ বিজেপিৰ প্ৰতি উচাহ দেখি এইবাৰ বিজেপিৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈয়ে তিতাবৰৰ পৰাই সৰ্বাধিক ভোট পাব বুলি আশা প্ৰকাশ কৰে । বিজেপি দল মমতাময়ী, কৰুণাময়ী দল বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে বিজেপি দল ক্ষমতালৈ আহিলে অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰতে আনন্দৰ প্ৰদীপ উজ্বলি উঠিব বুলিও ৰাইজক আশ্বস্ত কৰে ।

অনুষ্ঠানৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে হীৰেন গোঁহাইয়ে তেজপুৰত ভানুৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কাৰ্যক সমালোচনা কৰি কয় যে, "হীৰেন গোঁহাইৰ কথা এতিয়া অসমৰ মানুহে শুনাৰ পৰিৱেশ নাই । হীৰেন গোহাইয়ে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ বাবে স্বৰ্গৰপৰা পুষ্পবৃষ্টি হ'ব আৰু সেইকাৰণে প্ৰয়োজন হলে হীৰেন গোহাঁইক বিজেপি দলে গাড়ী মটৰৰ যোগান ধৰিব লাগে বুলিও কটাক্ষ কৰে । আজি তিতাবৰত হিমন্তবিশ্ব শৰ্মাৰ সভাথলীলৈ সোমোৱাৰ পথতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে অলপতে চুলাই কাণ্ডত নিহত হোৱা ভূক্তভোগী পৰিয়ালৰ লোকসকলে মন্ত্ৰীগৰাকীৰ সন্মুখতে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰাত মন্ত্ৰীগৰাকীয়ে গাড়ীৰপৰা নামি অতি সোনকালে চৰকাৰী প্ৰতিশ্ৰুতি পালন কৰিব বুলি আশ্বাস দিয়ে।

Intro:তিতাবৰ বৰহোলাত তপন গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহি হিমন্ত বিশ্ব শৰ্মা সম্মুখীন হল বৰহোলা চুলালি কাণ্ডৰ পৰিয়াল কাৰণ আজি পৰ্য্যন্ত চৰকাৰে ঘোষণা কৰা আৰ্থিক সাহায্য নাপালে ভুক্ত ভুগি পৰিয়ালে।Body:আজি বৰহোলা উপস্থিত হয় তপন গগৈ ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কামাখ্যা প্ৰসাদ তাছা ।বৰহোলা চাহ বাগিচাৰ খেল পথাৰত আৰম্ভ হয় বিজেপি দল নিৰ্বাচনী প্ৰচাৰ সভা।কিন্তু আজি বৰহোলাত উপস্থিত হৈ প্ৰতিবাদৰ সন্মুখীন হয় হিমন্ত বিশ্বৰ শৰ্মা কাৰণ চুলাই কাণ্ডৰ পৰিয়ালে আজি লৈ নাপালে চৰকাৰী সাহায্য। হিমন্ত বিশ্ব শৰ্মা ভাষন দি থকা অবস্থাত কামাখ্যা প্ৰসাদ তাছা টুপনীয়া থকা পৰিলক্ষিত হয়।।তিতাবৰ উন্নয়ন নোহোৱাৰ এক মাএ কাৰণ তৰুণ গগৈ কাৰণ তৰুণ গগৈ তিতাবৰ বিজেপিক এৰি নিদিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.