ETV Bharat / state

হেমন্ত কলিতাৰ হৈ তিতাবৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ - তিতাবৰত হিমন্ত বিশ্ব শৰ্মা

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাৰ হৈ তিতাবৰত মন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰি তিতাবৰবাসীক কেইবাটাও প্ৰতিশ্ৰুতি দিলে মন্ত্ৰী গৰাকীয়ে ৷ কংগ্ৰেছ দলকো তীব্ৰ কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷

himanta biswa sarma election campaign at titabar
হেমন্ত কলিতাৰ হৈ তিতাবৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ
author img

By

Published : Mar 24, 2021, 8:23 AM IST

তিতাবৰ, 24 মাৰ্চ: মঙলবাৰে তিতাবৰত উপস্থিত অসমৰ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হেমন্ত কলিতাক সমষ্টিটোৰ পৰা নিৰ্বাচন কৰি দিছপুৰলৈ পঠিয়াবলৈ আহ্বান জনায় ৷ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে মঙলবাৰে 100 নং তিতাবৰ বিধানসভা সমষ্টিত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে এক বৃহৎ ৰেলীৰ লগতে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি হেমন্ত কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

সহস্ৰাধিক ৰাইজৰ উপস্থিতিত নিৰ্বাচনী সভাত অংশ লৈ মন্ত্ৰী গৰাকীয়ে আগন্তুক সময়ত বিজেপি চৰকাৰ আহিলে তিতাবৰৰ বৰহোলাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বৰহোলাত এটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় স্থাপন কৰিব বুলি কথা দিয়ে ৷

অসমৰ সকলো দুখীয়া মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে তিতাবৰত এখন পেৰামেডিকেল কলেজ স্থাপন কৰি তিতাবৰবাসী ৰাইজক উপহাৰ দিব বুলিও মন্ত্ৰী গৰাকীয়ে এক মন্তব্য কৰে ৷ বিজেপি দলৰ হৈ প্ৰতিশ্ৰুতি দিয়াৰ লগতে মন্ত্ৰী গৰাকী কংগ্ৰেছৰ বিৰুদ্ধেও সৰৱ হৈ পৰা পৰিলক্ষিত হয় ৷ মূলতঃ কংগ্ৰেছে প্ৰদান কৰা পাঁচটা গেৰান্টিক লৈ মন্ত্ৰী গৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৷

লগতে পঢ়ক: মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক: অভিজিত হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.