ETV Bharat / state

চাহ জনগোষ্ঠীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰা হৈছে আৰু এই আসন বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে ভাগ কৰা হ'বঃ ড৹ হিমন্ত বিশ্ব শৰ্মা

himanta-biswa-attending-cha-morcha-program
চাহ জনগোষ্ঠীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা
author img

By

Published : Oct 16, 2020, 9:09 PM IST

যোৰহাট, 16 অক্টোবৰ : শুকুৰবাৰে যোৰহাটত অনুষ্ঠিত হোৱা বিজেপিৰ চাহ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । উক্ত সভাত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷

চাহ জনগোষ্ঠীক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

মন্ত্ৰী গৰাকীয়ে কয় যে, বেংক একাউণ্ট খোলা সাত লাখ উনসত্তৰ হাজাৰ চাহ শ্ৰমিকক নবেম্বৰ মাহত তিনিহাজাৰ টকাকৈ দিয়া হ‘ব ৷ ১ আৰু ২ নবেম্বৰত চাহ বাগিচা অঞ্চলত ১১৯ খন হাইস্কুল খোলা হ'ব, এপ্ৰিলৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ‘ব । চাহ বাগিচা অঞ্চলৰ চাৰিশ প্ৰাথমিক বিদ্যালয়ৰ ছাত্র ছাত্ৰীক প্ৰাতঃ, মধ্যাহ্ন ভোজন দিয়াৰ লগতে বিনামূলীয়া ইউনিফৰ্ম যোগান ৷ চাহ জনগোষ্ঠীৰ ছাত্র ছাত্ৰীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা ১৮ টালৈ বৃদ্ধি কৰা হৈছে আৰু এই আসন বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাবে ভাগ কৰা হ'ব। চাহ বাগিচা অঞ্চলত থকা মহাবিদ্যালয় সমূহত চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ১০% আসন সংৰক্ষণৰ আশ্বাস ৷ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰী সকলে পঞ্চম শ্ৰেণী লৈকে অহা বছৰৰ পৰা নিজ মাতৃ ভাষাত শিক্ষা ল'ব পাৰিব । এতিয়া মন্ত্ৰীগৰাকীয়ে দিয়া উক্ত আশ্বাস সমূহ কিমানদূৰ লৈকে বাস্তৱায়িত হ‘ব,সেয়া সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক: ৰঙিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.