ETV Bharat / state

যোৰহাটৰ এটা পৰিয়াললৈ ক’ভিড 19 এ নমাইছে ঘোৰ অমানিশা

author img

By

Published : May 10, 2021, 10:23 PM IST

যোৰহাটৰ এটি পৰিয়ালৰ মৰ্মান্তিক কাহিনীয়ে এতিয়া সকলোৰে চকুলৈ আনিছে চকুপানী ৷ মাত্ৰ তিনিমাহ পুৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল পিতৃয়ে ৷ ইয়াৰ পাছতে চাৰিদিন পূৰ্বে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হয় মাতৃৰ ৷ এনে এক কঠোৰ সময়ত দিকবিদিক হেৰুৱাই পেলাইছে তিনি সন্তানে ৷

heart-touching-story-of-a-family-from-jorhat
যোৰহাটৰ এটা পৰিয়াললৈ ক’ভিড 19এ নমাই আনিছে ঘোৰ অমানিশা

যোৰহাট,10 মে’: শেহতীয়াকৈ পোহৰলৈ অহা এটি পৰিয়ালৰ মৰ্মান্তিক কাহিনীয়ে এতিয়া সকলোৰে চকুলৈ আনিছে চকুপানী ৷ তিনিটি সন্তানেৰে যোৰহাটৰ ৰংদৈ দ-গাঁৱৰ গণেশ শইকীয়া আৰু পত্নী বন্তি শইকীয়াৰ এখন সংসাৰ ৷ চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছিল গণেশ শইকীয়াই । ইয়াৰ পিছতে শইকীয়াৰ পত্নী বন্তি শইকীয়াই তেওঁৰ তিনিটি সন্তানক লৈ বৰ কষ্টৰে কৰি আহিছিল জীৱন নিৰ্বাহ । কিন্তু বিগত চাৰিদিন পূৰ্বে বন্তি শইকীয়াই ক'ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় । বৰ্তমান নিষ্ঠুৰ সময়ে থান-বান কৰি পেলোৱা পৰিয়ালটোত আছে বিএচচি প্ৰথম বাৰ্ষিকত অধ্যয়নৰত ডাঙৰ জীয়ৰী উদীপ্তা শইকীয়া, নৱম শ্ৰেণীৰ অংকিতা শইকীয়া আৰু পঞ্চম শ্ৰেণীৰ অৰ্পণ শইকীয়া । মাক-দেউতাকক হেৰুৱাই এতিয়া অথাই সাগৰত পৰিছে এই তিনি কিশোৰ-কিশোৰী ।

ইফালে নৱম শ্ৰেণীৰ অধ্যয়নৰত অংকিতা শইকীয়া বৰ্তমান ক’ভিডত আক্ৰান্ত । এনে এক কঠোৰ সময়ত দিকবিদিক হেৰুৱাই পেলাইছে কণমানি কিশোৰ-কিশোৰী কেইটাই ৷

উল্লেখ্য যে,গাঁৱবাসীয়ে পৰিয়ালটোক যৎপৰোনাস্তি সহায়ৰ চেষ্টা চলাইছে । গাঁৱবাসীৰ লগতে পৰিয়ালটোৱে ৰাজ্যৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক জনাইছে সহায়ৰ আহ্বান । সকলোৱে কামনা কৰিছে ক’ভিডৰ পৰা মুক্ত হৈ অতি সোনকালে সুস্থ হৈ উঠক অংকিতা ৷

লগতে পঢ়ক: কাৰ্বি আংলং আৰক্ষীৰ বৃহৎ সফলতা: অত্যাধুনিক মাৰণাস্ত্ৰসহ তিনি চোৰাং চিকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.