ETV Bharat / state

যোৰহাট মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শন

author img

By

Published : May 28, 2021, 2:18 PM IST

বৃহস্পতিবাৰে হঠাৎ যোৰহাট মেডিকেল কলেজ পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ অধিক তৎপৰতাৰে ক’ভিড বিৰোধী যুদ্ধখনত স্বাস্থ্যবিভাগৰ কৰ্মীসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

health minister suddenly visits jorhat medical college
যোৰহাট মেডিকেল কলেজত আকস্মিকভাৱে উপস্থিত হ’ল স্বাস্থ্য মন্ত্ৰী

যোৰহাট,28 মে’: স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে সন্ধিয়া আকস্মিকভাৱে যোৰহাট মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন কৰে । জিলা প্ৰশাসনৰ অজ্ঞাতে মন্ত্ৰীজনে হঠাৎ চিকিৎসা মহাবিদ্যালয় খনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় । বৰ্তমান হাস্পতালখনৰ আই চি ইউ, বিছনাৰ সংখ্যাৰ বুজ লোৱাৰ লগতে নিৰ্মাণ হৈ থকা বিচনা আৰু আই চি ইউ আদিৰো বুজ লয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ লগতে তেওঁ জুন মাহত ভালে খিনি আই চি ইউ, বিচনা আদিৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলিও উল্লেখ কৰে ৷ ইফালে, ক’ভিড চিকিৎসা কৰা ব্যক্তিগত চিকিৎসালয় সমূহক শীঘ্ৰে নিয়ন্ত্ৰণ কৰা হ’ব আৰু কোনেও বেছি বিল আদায় কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰে মন্ত্ৰী গৰাকীয়ে ।

উল্লেখযোগ্য যে, মন্ত্ৰী গৰাকীয়ে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলক অধিক তৎপৰতাৰে ক'ভিড ৰোধৰ যুদ্ধ খনত কাম কৰিবলৈ আহ্বান জনায় ৷ পৰিদৰ্শন কালত তেখেতৰ লগত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন আৰু স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.