ETV Bharat / state

টীয়কত চৰকাৰী বিভাগে পৰিশোধ কৰা নাই কোটি টকাৰ বিল

ৰাজ্যৰ বিদ্যুৎ বিভাগে বিল আদায় কৰাৰ ক্ষেত্ৰত অধিত তৎপৰতা প্ৰদৰ্শন কৰা সময়তে টীয়ক বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ কেইবাটাও চৰকাৰী বিভাগৰ কাৰ্যালয়ে পৰিশোধ কৰিবলৈ বাকী আছে এক কোটিৰো অধিক টকাৰ বিদ্যুৎ মাচুল ৷

Government department office not paying electricity bill
চৰকাৰী বিভাগে কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ বিল
author img

By

Published : Jul 2, 2021, 7:47 PM IST

টীয়ক, 2 জুলাই : ৰাজ্যৰ বিদ্যুৎ বিভাগে বিল আদায় কৰাৰ ক্ষেত্ৰত অধিক তৎপৰতা প্ৰদৰ্শন কৰা সময়তে টীয়ক বিদ্যুৎ সংমণ্ডলৰ অধীনৰ প্ৰায় ভাগ চৰকাৰী কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ মাচুল ৷ চৰকাৰী কাৰ্যালয় সমূহে পৰিশোধ কৰিবলৈ বাকী থকা বিলৰ পৰিমাণ জানিলে আপোনাৰ চকু কপালত উঠিব ৷ যোৰহাট জিলাৰ টীয়ক বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ চৰকাৰী কাৰ্যালয় সমূহে পৰিশোধ কৰিব লগা বিদ্যুৎ মাচুলৰ পৰিমাণ এক কোটি টকাৰ অধিক ।

জানিব পৰা মতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিদ্যুতৰ বিল অনাদায় হৈ আছে সৰ্বাধিক প্ৰায় ৭২ লাখ টকা, জলসিঞ্চন বিভাগৰ প্ৰায় ২০ লাখ টকা, টীয়ক পৌৰসভাৰ অনাদায় হৈ আছে প্ৰায় ৬১ হাজাৰ টকা ৷ তাৰোপৰি অন্যান্য চৰকাৰী কাৰ্যালয়ৰ অনাদায় হৈ থকাৰ ধন প্ৰায় ১৫ লাখ টকা । লক্ষণীয়ভাৱে চৰকাৰী বিভাগ কেইটাই ইমান টকাৰ বিদ্যুতৰ বিল আদায় দিবলৈ বাকী থকাৰ পাচতো কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷

চৰকাৰী বিভাগে কাৰ্যালয়ে পৰিশোধ কৰা নাই বিদ্যুতৰ বিল

উল্লেখ্য যে, চৰকাৰী কৰ্মচাৰী সকলে বিদ্যুতৰ বিল পৰিশোধ নকৰিলে দৰমহা কৰ্তন কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল চৰকাৰে ৷ লগতে মাহেকীয়া দৰমহাৰ মুকলি হোৱাৰ পূৰ্বে পৰিশোধ কৰা বিদ্যুত বিল নিজা নিজা ব্লকত জমা দিবলৈ কৰ্মচাৰী সকলৰ প্ৰতি জাননি জাৰি কৰা হৈছিল ৷ কিন্তু সেই একে সময়তে চৰকাৰৰ নিজা বিভাগতে লাখ লাখ টকা বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ বাকী থকাতো আজিৰ সময়ত আশ্বৰ্যজনক ৷

সমান্তৰালভালে টীয়ক উপ-সংমণ্ডলৰ অধীনস্থ উত্তৰ দুলীয়া গাঁৱৰ বহু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ ঘৰত সংযোজিত সৌভাগ্য আঁচনিৰ বিদ্যুৎ বিল মাহত 15 হাজাৰ টকাৰ পৰা 25 হাজাৰ টকা পৰ্যন্ত অহা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দৰিদ্ৰ লোকসকলৰ অত্যাধিক বিল অহা বিষয়টোৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে অনাদায় হৈ থকা চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ বিল পৰিশোধ কৰিবলৈ সংশ্লিষ্ট কাৰ্যালয় সমূহৰ মুৰব্বীক আহ্বান জনাইছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই । ইফালে বিদ্যুৎ বিভাগৰ বাবে এটা ভাল খবৰ যে, ব্যক্তিগত বিদ্যুৎ গ্ৰাহক সকলে নিয়মিত বিদ্যুৎ বিল প্ৰদান কৰাৰ ফলত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় ২৬ হাজাৰ বিদ্যুৎ গ্ৰাহক থকা টীয়ক বিদ্যুৎ সংমণ্ডলৰ অধীনস্থ কাকজান আৰু টীয়ক বৈদ্যুতিক উপ-সংমণ্ডলত ৰাজহ জমা হৈছে কোটিৰো অধিক টকা ৷

লগতে পঢ়ক: ৰাষ্ট্ৰপতিক সাক্ষাৎ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.