গোলাঘাট, 6 জুলাইঃ আজি গোলাঘাটৰ ৰাজপথত পৰিচয় বিহীন এগৰাকী বৃদ্ধ অসুস্থ শৰীৰে পৰি থকা অৱস্থাত গোলাঘাট যান বাহন শাখাৰ আৰক্ষী পৰিদৰ্শক বিপুল গগৈৰ নেতৃত্বত এটা দ'ল উপস্থিত হৈ উদ্ধাৰ কৰে বৃদ্ধ গৰাকীক ৷ নিজকে গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ যোগেন শইকীয়া বুলি পৰিচয় দিয়া বৃদ্ধজনক আৰক্ষীয়ে লগে লগে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু বৃদ্ধজনে সঠিক ঠিকনা দিব নোৱাৰাৰ বাবে বৰ্তমানলৈকে পৰিয়ালৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই আৰক্ষীয়ে। গোলাঘাট আৰক্ষীৰ এনে কাৰ্যক শলাগ জনাইছে স্থানীয় ৰাইজে ৷
গোলাঘাটত যান বাহন আৰক্ষীৰ মহানুভৱতা - jugen saikia
ৰাজপথত পৰিচয় বিহীন এগৰাকী বৃদ্ধ অসুস্থ শৰীৰৰে পৰি থকা অৱস্থাত গোলাঘাট যান বাহন শাখাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰায় ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত
গোলাঘাট, 6 জুলাইঃ আজি গোলাঘাটৰ ৰাজপথত পৰিচয় বিহীন এগৰাকী বৃদ্ধ অসুস্থ শৰীৰে পৰি থকা অৱস্থাত গোলাঘাট যান বাহন শাখাৰ আৰক্ষী পৰিদৰ্শক বিপুল গগৈৰ নেতৃত্বত এটা দ'ল উপস্থিত হৈ উদ্ধাৰ কৰে বৃদ্ধ গৰাকীক ৷ নিজকে গোলাঘাট জিলাৰ দৈগ্ৰোঙৰ যোগেন শইকীয়া বুলি পৰিচয় দিয়া বৃদ্ধজনক আৰক্ষীয়ে লগে লগে গোলাঘাট ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ কিন্তু বৃদ্ধজনে সঠিক ঠিকনা দিব নোৱাৰাৰ বাবে বৰ্তমানলৈকে পৰিয়ালৰ লগত যোগাযোগ স্থাপন কৰিব পৰা নাই আৰক্ষীয়ে। গোলাঘাট আৰক্ষীৰ এনে কাৰ্যক শলাগ জনাইছে স্থানীয় ৰাইজে ৷
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।