ETV Bharat / state

যোৰহাটৰ মৰিয়নিত ছাগলী চোৰৰ বিলৈ

মৰিয়নিৰ চেলেং গড়কোষত এঘৰত ছাগলী চুৰ কৰিবলৈ আহি বিপদত পৰিল এটা চোৰ। চেলেং গড়কোষৰ তিলক গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত ছাগলী চুৰ কৰিবলৈ আহিছিল চোৰটো ।

author img

By

Published : Jan 15, 2021, 11:05 PM IST

goat-thief-lost-mobile-in-magh-bihu-night
যোৰহাটৰ মৰিয়নিত ছাগলী চোৰৰ বিলৈ

যোৰহাট,15 জানুৱাৰী: ভোগালী বিহুৰ উৰুকা নিশা চোৰ কৰাটো এটা পৰম্পৰা । কিন্ত উৰুকাৰ নিশা চোৰ কৰিবলৈ আহি চোৰৰ লাগিল কেনা । মৰিয়নিৰ চেলেং গড়কোষত এঘৰত ছাগলী চুৰ কৰিবলৈ আহি বিপদত পৰিল এটা চোৰ। চেলেং গড়কোষৰ তিলক গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত ছাগলী চুৰ কৰিবলৈ আহিছিল চোৰটো । ব্যক্তিজনৰ ঘৰৰ চৌহদত থকা ছাগলীৰ গড়ালৰ পৰা চোৰে এটা ছাগলী চুৰ কৰি নিবলৈ লওতেই ছাগলীৰ চিঞৰত গৃহস্থই সাৰ পাই চিঞৰ বাখৰ কৰে । চোৰে ছাগলী সহ পলাবলৈ সক্ষম হয় যদিও ছাগলী চোৰৰপকেটৰ পৰা গৃহস্থৰ চোতালত পৰি থাকি গ'ল ম'বাইল ফোন । পিচত ম'বাইলটোত পোৱা গ'ল ছাগলী চোৰৰ চেল্ফী ।

যোৰহাটৰ মৰিয়নিত ছাগলী চোৰৰ বিলৈ

আনহাতে চোৰটোৱে ম'বাইল ফোনটো ঘুৰাই বিচাৰি গৃহস্থলৈ বাৰে বাৰে ফোন কৰি আছে । গৃহস্থই চোৰক চুৰ কৰি নিয়া ছাগলীটো উভটাই দিলেহে ম'বাইলটো ঘুৰাই দিব বুলি স্পষ্ট কৈ জনাই দিছে । চোৰে ছাগলীটো ঘুৰাই ম'বাইলটো আনিব বুলি প্ৰতিশ্ৰুতিও দিছে । কিন্তু বৰ্তমানলৈকে ছাগলী সহ চোৰৰ দেখা দেখি নাই । আনহাতে ছাগলীটো চোৰৰ পৰা ঘুৰাই পোৱাৰ আশাত চোৰৰ বিষয়ে স্থানীয় আৰক্ষীক গোচৰ দিয়া নাই তিলক গগৈ নামৰ লোকজনে । ঘটনাটোৱে অঞ্চলটোত আমোদৰ সৃষ্টি কৰিছে ।

লগতে পঢ়কঃ শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.