ETV Bharat / state

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী

author img

By

Published : Nov 23, 2021, 11:48 AM IST

2020 চনৰ আজিৰ দিনটোতে ইহ সংসাৰৰ পৰা মেলানি মাগিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৷

Former Assam CM Tarun Gogoi
Former Assam CM Tarun Gogoi

নিউজ ডেস্ক, 23 নবেম্বৰ : আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী (first death anniversary of Tarun Gogoi) ৷ যোৱা বৰ্ষৰ আজিৰ দিনটোতেই বিয়লি 5.34 বজাত অশীতিপৰ ৰাজনীতিবিদ তৰুণ গগৈয়ে পৰিয়াল তথা অলেখ গুণমুগ্ধক শোক সাগৰত পেলাই চিৰবিদায় মাগে( Senior Politician Tarun Gogoi passed away) ৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগ তথা ক’ভিড 19 ৰ দ্বাৰা আক্ৰান্ত হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ আইচিইউত কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা তৰুণ গগৈৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ অংগ অচল হৈ পৰে সেই সময়ত ৷ অৱশেষত সকলো চেষ্টাক অসাৰ প্ৰতিপন্ন কৰি ৰাজনীতিবিদগৰাকীয়ে ইহসংসাৰৰ পৰা বিদায় মাগে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ 2001 চনৰ পৰা ধাৰাবাহিকভাৱে তিনিবাৰকৈ অসম বিধানসভাৰ নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাব্যস্ত কৰি 2016 চনলৈ দীৰ্ঘকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত ন্যস্ত আছিল গগৈ ৷ অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ উত্থান অভিযানৰ সেনাপতি হিচাপে চিহ্নিত তৰুণ গগৈৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল স্কুলীয়া দিনতেই ৷ ডাঃ কমলেশ্বৰ গগৈ আৰু ঊষা গগৈৰ সন্তান তৰুণ গগৈয়ে 1934 চনৰ 11 অক্টোবৰত যোৰহাটৰ ৰঙাজান চাহ বাগিচাত জন্ম লাভ কৰিছিল ৷

ৰঙাজান চাহ বাগিচাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে ৷ পৰৱৰ্তী সময়ত যোৰহাট আৰু ভোলাগুৰি হাইস্কুলত অধ্যয়ন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 1949 চনত গগৈয়ে যোৰহাট চৰকাৰী হাইস্কুলত নামভৰ্তি কৰিছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত গগৈয়ে জে বি মহাবিদ্যালয়ত নাম ভৰ্তি কৰে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী গ্ৰহণ কৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈ পৰে তৰুণ গগৈ ৷ ইয়াৰ পিছত অসম বাৰ কাউঞ্চিলত এগৰাকী অধিবক্তাৰূপে কৰ্ম-জীৱনৰ পাতনি মেলে ৷ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধীক্ষক পদতো কিছুদিন চাকৰি কৰিছিল গগৈয়ে ৷ প্ৰয়াত গগৈৰ সংসদীয় ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল যোৰহাট চহৰৰ পৰা ৷

1968 চনত যোৰহাট পৌৰসভাৰ সদস্যৰূপে নিৰ্বাচিত হোৱাৰ পিছত 1971-1985 চনলৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদৰূপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ৷ 1976 চনত গগৈয়ে এআইচিচিৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত হয় ৷ 1983 চনত পুনৰ এআইচিচিৰ যুটীয়া সম্পাদকৰ দায়িত্ব লাভ কৰে গগৈয়ে ৷ 1985 চনত এআইচিচিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা গগৈয়ে 1986-1990 চনলৈ ন্যস্ত আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত ৷ 1991 চনত কেন্দ্ৰীয় খাদ্যমন্ত্ৰী (ৰাজ্যিক স্বতন্ত্ৰ) ৰ দায়িত্ব গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ 1997 চনত অসম বিধানসভাৰ বিধায়কৰূপে নিৰ্বাচিত হয় গগৈ ৷

অসমৰ মাটিত অসম আন্দোলনে সৃষ্টি কৰা কংগ্ৰেছ বিৰোধী পৰিৱেশৰ অৱসান ঘটাই 2001 চনৰ 18 মে’ত মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হয় তৰুণ গগৈ ৷ প্ৰায় ডেৰটা দশক অসমৰ মুখ্যমন্ত্ৰীৰ পদত ন্যস্ত থকা তৰুণ গগৈ চৰকাৰৰ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পতন ঘটে ৷ সেই সময়ত ৰাজ্যত এক বিশেষ পৰিস্থিতিত বিজেপিৰ উত্থান ঘটাৰ ফলত সুদীৰ্ঘ 15 বছৰীয়া এই শাসনকালৰ পৰিসমাপ্তি ঘটে ৷ কিন্তু তাৰপিছতো থমকি ৰোৱা নাছিল চিৰ তৰুণ নেতাগৰাকী ৷

বিগত ছেপ্তেম্বৰ মাহত কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল বৰ্ষীয়ান নেতাগৰাকী ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা গগৈয়ে কিছুদিনৰ পূৰ্বে ঘৰলৈ উভতিছিল যদিয়ো এক নৱেম্বৰৰ নিশা পুনৰ অসুস্থ হোৱাত গগৈক জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ বিগত সময়ছোৱাত মৃত্যুৰে যুঁজি আজি জনপ্ৰিয় নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত দুটা দশকৰ ৰাজ্যৰ ৰাজনীতিত তৰুণ গগৈৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ আৰু অনস্বীকাৰ্য ৷ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত দলৰ মজিয়াত কাৰ্যতঃ এলাগী হৈ ৰোৱা তৰুণ গগৈয়ে ডেৰ দশকত কৰ্ম নিপুণতা আৰু ৰাজনৈতিক দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল ৷

ৰাজ্যত প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰৰ আমোলত সৃষ্টি হোৱা আইন-শৃংখলাজনিত ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা মানুহগৰাকীয়ে আছিল তৰুণ গগৈ ৷ 2001 চনৰ 17 মে' তাৰিখে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল তৰুণ গগৈয়ে ৷ পৰৱৰ্তী সময়ত 2006 আৰু 2011 চনত তিতাবৰ সমষ্টিৰ পৰা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল অসমৰ ৰাজনীতিত সুকীয়া স্থান দখল কৰা এই গৰাকী ৰাজনৈতিক নেতা ৷

লগতে পঢ়ক : Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.