যোৰহাট, 1 ডিচেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে ব্যতিক্ৰমী পদক্ষেপ লৈ ৰাজধানী দিছপুৰৰ পৰিবৰ্তে বিভিন্ন জিলাসমূহত কেবিনেট বৈঠক অনুষ্ঠিত কৰি আহিছে । এইবাৰ প্ৰথমবাৰ বাবে উজনি অসমৰ যোৰহাটত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব(Assam Cabinet Meeting at Jorhat) । ১৫ডিচেম্বৰত অনুষ্ঠিত হ'ব এই কেবিনেট বৈঠক ৷ এই কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’বলৈ বৃহস্পতিবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ জিলাখনত উপস্থিত হয় ৷
মন্ত্ৰী অজন্তা নেওগে যোৰহাটত উপস্থিত হৈ এখন সভাত কেবিনেট বৈঠক আৰু ইয়াৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’ব লগা কেবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগতে ৰাজহুৱা সভাৰ প্ৰস্তুতিৰ বুজ লয় । আজিৰ এই পৰ্যালোচনা সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, জিলা উপাযুক্ত অশোক কুমাৰ বৰ্মন, জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, যোৰহাট জিলা অগপৰ সভাপতি সৌৰভ প্ৰাণ বৰা, জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়াকে ধৰি সকলো বিভাগৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ।
উল্লেখ্য যে ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ'ব লগা কেবিনেট বৈঠকৰ বাবে যোৰহাট নগৰৰ মজিয়াস্থিত অৰ্ধনিৰ্মিত পথসমূহ যুদ্ধকালীন তৎপৰতাৰে নিৰ্মাণ কৰাত উঠি পৰি লাগিছে প্ৰশাসন তথা বিভাগীয় বিভাগসমূহ ৷ ইয়াৰ উপৰি যিসমূহ পথৰ ষ্টীট লাইট আজি পৰ্যন্ত জ্বলা নাই সেইসমূহৰো মেৰামতি কামত উঠি পৰি লাগিছে বিভাগীয় কৰ্তৃপক্ষ ৷ মুঠৰ ওপৰত যোৰহাট নগৰখন আটকধুনীয়াকৈ সজাই পৰাই তোলাত ব্ৰতী হৈ পৰিছে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহ ।
লগতে পঢ়ক: Naba Sarania slams BJP: সাংসদ হ’বলৈকে বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই