ETV Bharat / state

বানবিধ্বস্ত নাওবৈচাত জিলা প্ৰশাসনৰ বান সাহাৰ্য বিতৰণ - বানবিধ্বস্ত নাওবৈচাত জিলা প্ৰশাসনৰ বান সাহাৰ্য বিতৰণ

নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ ১০ খন ৰাজহ গাঁৱত প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি বান সাহাৰ্য বিতৰণ কৰে। বানবিধ্বস্ত অঞ্চলটোৰ ১নং গেলাহাটী গাঁৱৰ বাবে ৪ কুইন্টল চাউল,৭৫ কেজি দালি আৰু ২২কেজি নিমখ বিতৰণ কৰে জিলা প্ৰশাসনে ৷ সমান্তৰালকৈ ২নং গেলাহাটীৰ বাবে ১ কুইন্টল ৫৬ কেজি চাউল, ৩০ কেজি দালি, ৭কেজি নিমখ বিতৰণ কৰে ৷

NowboichaNowboicha
নাওবৈচা
author img

By

Published : Jun 29, 2020, 1:08 PM IST

নাওবৈচা,২৯জুন : যোৰহাট জিলাৰ অন্তৰ্গত নাওবৈচাৰ বানেবিধ্বস্ত কেবাখনো গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰে জিলা প্ৰশাসনে ৷ দৰাচলতে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা পাহাৰীয়া খৰস্ৰোতা শিঙৰা নদীৰ লগতে কেবাটাও জান-জুৰিৰ ধাৰাবাহিক সংহাৰী বানত এমাহে দিক বিদিক হেৰুৱাইছে নাওবৈচাৰ অন্তৰ্গত কেবাখনো গাঁৱৰ লোকে ৷ দক্ষিণ নাওবৈচাৰ বহু কেইখন গাঁৱৰ বান পৰিস্থিতি বৰ্তমান কিছু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্তসকলে ৷

নাওবৈচা

সংহাৰী বানৰ ফলত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলৰ মাজত বৰ্তমান খাদ্য সংকটে দেখা দিছে। সেয়ে বানে নিঃশেষ কৰা অঞ্চলটোত দ্বিতীয় বাৰৰ বাবে সোমবাৰে বান সাহাৰ্য বিতৰণ কৰে জিলা প্ৰশাসনে। নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ ১০ খন ৰাজহ গাঁৱত প্ৰায় ছয় শতাধিক পৰিয়ালৰ মাজত জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি বান সাহাৰ্য বিতৰণ কৰে। বানবিধ্বস্ত অঞ্চলটোৰ ১নং গেলাহাটী গাঁৱৰ বাবে ৪ কুইন্টল চাউল ,৭৫ কেজি দালি আৰু ২২কেজি নিমখ বিতৰণ কৰে জিলা প্ৰশাসনে ৷ সমান্তৰালকৈ ২নং গেলাহাটীৰ বাবে ১ কুইন্টল ৫৬ কেজি চাউল, ৩০ কেজি দালি, ৭কেজি নিমখ বিতৰণ কৰে ৷

লগতে পঢ়কঃ কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি

আকৌ গোসাঁনীবাৰী গাঁও,চেঙেলীজান, আহোমণি,পকণীয়া, পমুৱা-খাবলু , কাৱৈভুৰুকা, বামুণ গঞা-কঁঠালগুৰি গাঁৱৰ বাবেও খাদ্য সামগ্ৰী বিতৰণ কৰে জিলা প্ৰশাসনে ৷ সোমবাৰে এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানটোত নাওবৈচা ৰাজহ চক্ৰ কাৰ্যলয়ৰ কানোনগো সুৰজ প্ৰকাশ টায়েগামে গোসাঁনীবাৰী গাঁৱৰ নামঘৰত উপস্থিত থাকি আনুষ্ঠানিকভাৱে খাদ্য সামগ্ৰীসমূহ বিতৰণৰ শুভাৰম্ভ কৰে। লগতে অঞ্চলটোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা নদীখনৰ বান সমস্যাটো সমাধান কৰাৰ বাবে জিলা প্ৰশাসনৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।

বান সাহাৰ্য বিতৰণ অনুষ্ঠানটোত মধ্য নাওবৈচা লাট মণ্ডল থানেশ্বৰ বৰা, মণ্ডল কমল দত্ত,নিৰণ ভূঞা, চন্দ্ৰ গগৈ , প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়া অপূৰ্ব অংকুৰ ভূঞা আৰু নাওবৈচা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয় গৌতম ৰায় চৌধুৰীয়ে সহযোগিতা আগবঢ়ায়। ইফালে সংহাৰী বানে বিপন্ন কৰা এই সময়ছোৱাত জিলা প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলটোত বান সাহাৰ্য প্ৰদান কৰা কাৰ্যক বানপীড়িত ৰাইজে শলাগ লৈছে লগতে ভবিষ্যতেও দুখীয়া-দৰিদ্ৰ সকলক সহায় কৰিবলৈও আহ্বান জনায়।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.