ETV Bharat / state

আহিনমহীয়া বানৰ কবলত জাঁজীমুখ - যোৰহাট জিলা সমিতি

আহিনীয়া বানৰ কবলত টীয়কৰ জাঁজীমুখ ৷ বহিঃৰাজ্যৰ সৈতে যোগাযোগ বিছিন্ন গাঁৱবাসীয়ে অঞ্চলটোৰ নিৰাপদ স্থানলৈ পশুধনসমূহক লৈ ঢাপলি মেলিছে ৷ এইপৰ্যন্ত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল বানাক্ৰান্তৰ কাষত উপস্থিত নোহোৱা কথাটো তীব্ৰ ভাষাৰে ধিক্কাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে ।

Flood in Teok jorhat assam etv bharat news
টীয়কত বানৰ তাণ্ডৱ
author img

By

Published : Sep 27, 2020, 7:40 PM IST

টীয়ক,27 ছেপ্তেম্বৰ: ব্ৰহ্মপুত্ৰৰ আবতৰীয়া বানে যোৰহাটৰ টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখত সৃষ্টি কৰিছে অবৰ্ণনীয় অৱস্থা । জাঁজীমুখৰ জপংগাওঁ, মিলি গাঁও, বৰ মথাউৰি আদিকে ধৰি প্ৰায় 30 খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলোৱাত এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে । নৈপৰীয়া এই অঞ্চলটোৰ বহু গাঁও সম্প্ৰতি পানীৰ তলত ৷ বহিঃৰাজ্যৰ সৈতে যোগাযোগ বিছিন্ন গাঁৱবাসীয়ে অঞ্চলটোৰ নিৰাপদ স্থানলৈ পশুধনসমূহক লৈ ঢাপলি মেলিছে ৷ এনেদৰে দ্ৰুতগতিত পানী বৃদ্ধি হৈ থাকিলে পৰিস্থিতি ভয়াবহ হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷ উল্লেখ্য যে, এইপৰ্যন্ত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল বানাক্ৰান্তৰ কাষত উপস্থিত নোহোৱা কথাটো তীব্ৰ ভাষাৰে ধিক্কাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিয়ে ।

লগতে চাওকঃ প্ৰাক্তন মন্ত্ৰী তথা বাঘবৰ সমষ্টিৰ বিধায়ক দিলদাৰ ৰেজ্জাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.