ETV Bharat / state

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী

পৌৰসভাৰ অৰাজাকতাৰ ফলত ৰাইজে জ্বলা-কলা খোৱাৰ অভিযোগ ৷

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী
author img

By

Published : May 2, 2019, 12:26 PM IST

যোৰহাট , 02 মে': যোৰহাটত কৃত্ৰিম বানপানীৰ ফলত নগৰবাসীয়ে জীয়াতু ভূগীবলগীয়া হৈছে ৷ বিগত পাঁচ দিন ধৰি হোৱা বৰষুণৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীৰ কৱলত পৰিছে ৷ খৰালি সময়ত নিষ্কাষন নকৰাৰ ফলত বাৰিষাৰ সময়ত স্থানীয় ৰাইজে জ্বলা-কলা খোৱাৰ অভিযোগ ৷

যোৰহাটত কৃত্ৰিম বানপানীৰ কৱলত নগৰবাসী

চহৰৰ খনৰ ধমনী স্বৰূপ টোকোলাই জান ৷ যোৰহাট পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলত টোকোলাই এতিয়া মৃতপ্ৰায় অৱস্থাত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৌৰসভাই লাখ লাখ টকা শৰাধ কৰি নিষ্কাষনৰ নামত নামমাত্ৰ কাম কৰাৰ ফলত টোকোলাই এতিয়া পিটনিত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ চহৰৰ সোঁ-মাজৰে প্ৰবাহিত টোকোলাই জান খন চহৰৰ একাংশ পুজিপতি ব্যৱসায়ীৰ বে-দখলৰ পৰিণতিত ক্ৰমান্বয়ে ক্ষীণ হৈ পৰিছে বুলি জনায় ৰাইজে ৷ যাৰ ফলত টোকোলাই জানৰ পানীৰ বহন ক্ষমতা কমি গৈছে৷ সেয়ে এতিয়া বিগত পাঁচ দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চহৰখনৰ পূজাদুবী, লিছুবাৰি , তৰাজানৰ কাকতি গাঁও আদিকে ধৰি বহু অঞ্চল এতিয়া দুষিত কৃত্ৰিম বানৰ কৱলত ৷

যোৰহাটৰ কৃত্ৰিম বানপানীৰ কবলত নগৰবাসী।

যোৰহাট চহৰৰ খন ধমনীস্বৰুপ টোকোলাই জান।সময়ত তথা খৰালি সময়ত নিষ্কাষন নকৰাৰ ফলত বাৰিষাৰ সময়ত জিয়াটো ভূগিব লগীয়া হৈছে কৰ দাতা নাগৰিকে।বিগত পাচ দিন ধৰি হোৱা বৰষুণৰ ফলত চহৰখনৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ কবল পৰিছে।যোৰহাট পৌৰসভাৰ অকৰ্মন্তা ফলত টোকোলাই এতিয়া মৃতপ্ৰায়।লাখ লাখ টকা শৰাধ কৰি নিষ্কাষন নামত নামমাত্ৰ কাম কৰাৰ ফলত টোকোলাই এতিয়া পিটনিত পৰিণত হৈছে।উল্লেখযোগ্য যে চহৰৰ সো-মাজৰে প্ৰবাহিত টোকোলাই জান চহৰৰ একাংশ পুজিপতি ব্যৱসায়ীৰ বে-দখল পৰিণতিত ক্ৰমান্বয়ে ক্ষীণ হৈ পৰিল।যাৰ ফলত পানী নিক্ষাসন কৰাৰ শক্তি নোহোৱা হল টোকোলাই জানৰ।যোৰহাটৰ পুজাদুবী অঞ্চলৰ প্ৰায় অৰ্ধশতাধীক লোকৰ ঘৰ এতিয়া দুষিত কৃত্ৰিম বানপানীৰ কবলত।পৌৰসভাৰ অৰাজাকতাৰ ফলত এতিয়া ভূগিব লগিয়া হৈছে কৰদাতা ৰাইজে।চহৰখনৰ পূজাদুবী,লিছুবাৰি,তৰাজানৰ কাকতি গাঁৱ আদিকে ধৰি বহু অঞ্চলত এতিয়া কৃত্ৰিম বানৰ কবলত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.