ETV Bharat / state

পিতৃৰ আদৰ্শৰে জীৱিকা অৰ্জনৰ পথ বাচি লৈছে টীয়কৰ দুই যুৱকে - টীয়ক

ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কমলা গগৈৰ পদাংক অনুকৰণ কৰি মৎস্য পালন কৰাত লাগিছে দুই পুত্ৰই । চৰকাৰী চাকৰিৰ বাবে আশা নকৰি পিতৃৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ চেষ্টা চলাইছে শিক্ষিত যুৱক দেৱাশীষ আৰু আশীষ গগৈয়ে ।

Fish farming at Teok
পিতৃৰ আদৰ্শৰে জীৱিকা অৰ্জনৰ পথ বাচি লৈছে টীয়কৰ দুই যুৱকে
author img

By

Published : Aug 5, 2021, 8:16 PM IST

টীয়ক, ৫ আগষ্ট : বৰ্তমান সমগ্ৰ অসমতে জৈৱিক উপায়েৰে শাক-পাচলি খেতি কৰা, উন্নত পদ্ধতিৰে মৎস্য পালন কৰাৰ লগতে বিভিন্ন কামত নিয়োজিত হৈ স্বাৱলম্বী হোৱাৰ বাট বিচাৰি উলিয়াইছে বহু লোকে । তুলনামূলকভাৱে নতুন প্ৰজন্মৰ যুৱক-যুৱতী আগ্ৰহী হৈছে কৃষিকৰ্মৰ প্ৰতি ।

ইয়াৰে এক উদাহৰণ হৈছে যোৰহাটৰ টীয়কৰ ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত আদৰ্শ কৃষক তথা অৱসৰপ্ৰাপ্ত শিক্ষক কমলা গগৈৰ পুত্ৰ দেৱাশীষ আৰু আশীষ গগৈ । ১৯৯৫ চনতে কমলা গগৈয়ে প্ৰায় সত্তৰ বিঘা মাটিত আৰম্ভ কৰিছিল মৎস্য পালনৰ লগতে মাছৰ প্ৰজননৰ এক প্ৰকল্প ।

এই প্ৰকল্পই কমলা গগৈক এগৰাকী সফল মৎস্যপালক হিচাপে স্বীকৃতি লাভ যথেষ্ট সহায় কৰিছে । কেৱল যোৰহাট জিলাতে নহয়, ৰাজ্যৰ ভিন্ন স্থানলৈ এই প্ৰকল্পৰ পৰা মাছৰ পোনা চাহিদা অনুসৰি সৰবৰাহ কৰা হয় । চৰকাৰী চাকৰিৰ বাবে আশা কৰি ঘৰতে বহি নাথাকি কৃষক পিতৃয়ে স্থাপন কৰা এই প্ৰকল্পত এতিয়া ব্যস্ত হৈ পৰিছে দুই শিক্ষিত পুত্ৰ দেৱাশীষ আৰু আশীষ ।

পিতৃৰ আদৰ্শৰে জীৱিকা অৰ্জনৰ পথ বাচি লৈছে টীয়কৰ দুই যুৱকে

মৎস্য পালনৰ লগতে ধান খেতিও কৰে দুয়োগৰাকী যুৱকে । পিতৃয়ে স্থাপন কৰা মৎস্য প্ৰকল্পত ব্যস্ত থাকি ভৱিষ্যতৰ সপোন ৰচিছে দুই ভাতৃয়ে । এই প্ৰকল্পটো অধিক সম্প্ৰসাৰণ কৰি স্থানীয় নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ আশা আছে দুয়োৰে ।

ইতিমধ্যে চাহিদা অনুসৰি ৰৌ, বাহু, মালি, মিৰিকা মাছৰ কেইবালাখো মাছৰ পোনা উৎপাদন কৰিছে যুৱকদ্বয়ে । লক ডাউনৰ সময়ত দুয়োগৰাকীয়ে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল । মাছৰ বাবে ঔষধ আনিব নোৱাৰাৰ বাবে মাছৰ পোনা উৎপাদন হ্ৰাস পায় । সময়মতে তেওঁলোকে মাছৰ পোনা বিক্ৰীও কৰিব পৰা নাছিল । তথাপিও অতি কষ্টৰে দুই ভাতৃয়ে আধুনিক কৌশল অৱলম্বন কৰি অধিক মাছৰ পোনা জন্ম দিয়াত সফল হৈছে । চৰকাৰক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দেৱাশীষ আৰু আশীষে ।

লগতে পঢ়ক: শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.